Wednesday, December 18, 2013

জলফাই তলৰ গধূলি ...


মোৰ বেদনাৰ জোনাক নিগৰি
তোমাৰ সৰাপাতৰ ঠিকনা ৷

পাহাৰৰ বুকুত উবুৰি খাই থাকে
আপদীয়া জোনটো
মোৰ হিয়াত সাজে ঘৰ : বেদনাৰ
দুচকুত সিঁচি দিয়ে
অযুত নিশাৰ সাধুকথা ...


একেখনেই মাথো সাকোঁ
মোৰ হিয়াৰপৰা তোমাৰ হিয়ালৈ
বগুৱা বাই যায় এবুকু সৰীসৃপ ৷

তোমাৰ অসুখ জলফাই তলৰ গধূলি
মোৰ অসুখ ইউকেলিপ্টাছ ...
দুচকুত তোমাৰ বৰষুণৰ চিঠি
নীৰৱে হেৰায়
সোণালী জাহাজৰ ঠিকনা ৷

জলফাই তলত সাৰ পায়
পিয়ানো বজোৱা প্ৰেমিকৰ
হিমশীতল দুটি ওঁঠ ...

হালধীয়া চৰাইজাক আহিল আৰু গ'ল
তোমাৰ খহি পৰা আঙুলি বুটলি
(সাক্ষী মাথো নৈখন)
ধুমুহাজাক কিমান গধুৰ আছিল
তুমি নুবুজিবা ,

কাৰণ তেতিয়াও তোমাৰ তেজত
বিয়পি পৰা নাছিল
পথ হেৰুওৱা নাৱিকটোৰ কথা ...



2 comments:

  1. সুন্দৰ কবিতা ৷ এই যাত্ৰা অব্যাহত ৰাখা ৷

    ReplyDelete