Saturday, December 14, 2013

আৰণ্যক ( উপন্যাসিকা )



( উপন্যাসিকাখনিৰ চৰিত্ৰসমূহ কাল্পনিক ৷ উপন্যাসিকাখনিৰ কাহিনীভাগ এই সমাজখনৰ ওপৰতেই আধাৰিত ৷ )


* প্ৰস্তাৱনা :


... দীপশিখাৰ বুকুত জুই ৷ এজাক প্ৰচণ্ড ধুমুহাই যেন থানবান কৰি পেলালে তাইৰ সপোনৰ ঘৰখন ৷ হেৰুৱাই পেলালে তাই বহু কিবাকিবি ৷ জীৱনৰ প্ৰতি মমতা হেৰাই যাব খোজে তাইৰ ; অথচ কিবা এক বান্ধোনে যেন অকাতৰে জব্দ কৰি পেলায় তাইক ৷ তাই নিৰুপায় ; সচাঁকৈয়ে নিৰুপায় তাই ৷ নিষ্ঠুৰ সময়ৰ প্ৰতি তাইৰ প্ৰচণ্ড ক্ষোভ ৷
কোঠাৰ এন্ধাৰত নীৰৱে চকুলো টুকে তাই ৷ নীৰৱে শুই পৰে বুকুৰ কণমানিটি ৷ এই কণমানিটিয়ে তাইৰ বুকুৰ সম্বল ; নিৰাশাৰ মাজত আশাৰ এমুঠি ৰেঙণি ৷ দীপশিখাৰ অন্তৰৰ বিননি যেন প্ৰতিধ্বনিত হয় প্ৰাচীৰে প্ৰাচীৰে , আকাশে - বতাহে , হৃদয়ৰ দুৱাৰে দুৱাৰে ৷
প্ৰতিধ্বনিত হয় এই বিননি সোণাৰু পাঠকৰ হৃদয়ত ৷ ... কবি সোণাৰু পাঠক ৷ সময়ৰ হাতত বৰ বেয়াকৈ বিপৰ্যস্ত এক নিমাখিত কবি ৷ এতিয়া আৰু তেওঁৰ কলমেৰে নিগৰি নোলায় সেউজ সপোনৰ প্ৰতিচ্ছৱি ; গলি নাযায় তেওঁৰ হৃদয়ৰ হিমীভূত গান ৷ তেওঁ অনুভৱ কৰে - তেওঁ যেন জীৱন যুঁজৰ এগৰাকী পৰাজিত সৈনিক ৷ বেদনাৰ এচমকা ডাৱৰেৰে পৰিপূৰ্ণ তেওঁৰ বুকু ৷ জড়তাত অভ্যস্ত হৈছে তেওঁৰ সৃষ্টি - সেয়া যে প্ৰাণহীন , স্পন্দনহীন !
... আৰু জোনাকত প্লাৱিত হয় পদূলিৰ নাহৰজোপা ৷

                                               ( প্ৰথম অধ্যায় )


সৌৰভৰ দুবাহুৰ বন্ধনত সপোন ৰচিছিল তাই ৷ তাৰ নীলাভ দুচকুৰ উজ্জ্বল জ্যোতিত উদ্ভাসিত হৈছিল তাইৰ সপোনৰ ঘৰ : এটি অনাগত ভৱিষ্যতৰ গান ৷ জোনাকত উমলিছিল তাই ৷ সাঁতুৰি - নাদুৰি আহিছিল এক দেৱশিশু ৷তাই শিকিছিল প্ৰাণ খুলি হাঁহিবলৈ ৷ আনন্দত ভৰি পৰিছিল তাইৰ বুকু ৷
... কিন্তু এক অজান আশংকা ক্ৰমশঃ বিয়পি পৰিল তাইৰ সৰ্বশৰীৰত ৷ স্তিমিত হৈ আহিল তাইৰ মুখৰ হাঁহি ৷ তাই যেন এতিয়া সৌৰভৰ মাজত বিচাৰি নোপোৱা হ'ল তাইৰ নিজৰ প্ৰতিচ্ছৱি ৷ সৌৰভ এতিয়া বিপ্লৱী ৷ তাৰ মুখত এতিয়া লাগি ৰয় বিপ্লৱৰ অগ্নিস্ফূলিঙ্গ ৷ সৰ্বসাধাৰণৰ মুক্তিৰ বাবেই তাৰ এই সংগ্ৰাম ৷ হিয়াত তাৰ বিপ্লৱী চেতনাৰ সুৰ ৷
শত্ৰু সাজিছে সৌৰভে ; চৌদিশে শত্ৰুৰ দুৰ্গ ! খুব ভয় লাগে দীপশিখাৰ ৷ দিনে দিনে আশংকা বৃদ্ধি হৈ গৈছে তাইৰ ৷ তাইৰ শ্বাস - প্ৰশ্বাস ৰুদ্ধ হৈ যাব খোজে ৷ কিন্তু সৌৰভ আকোঁৰগোজ ৷ সৰুৰেপৰা সি তেনে স্বভাৱৰে ৷ হক কথাত সি মাত মাতিবই ; কোনেও বাধা দিব নোৱাৰে তাক ৷

' তোমাৰ জানো ভয় নালাগে ? ' - দীপশিখাৰ প্ৰশ্ন ৷ তাইৰ মুখলৈ অপলক দৃষ্টিৰে চাই ৰয় সি ৷
' ভয় ? কিহৰ ভয় ? ' - সৌৰভৰ চমু উত্তৰ ৷
' কিয় , তুমি জানো যেনিয়ে - তেনিয়ে শত্ৰুৰ সৃষ্টি কৰি লোৱা নাই ? '
' সেইবোৰ তুমি ভাবিব নালাগে , দীপা ৷ তুমি নিশ্চিন্ত হৈ থাকা , সিহঁতে মোৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে ৷ '
' কিন্তু ... '
' নাই নাই , তুমি সেইবোৰ ভাবি সময় নষ্ট কৰিব নালাগে ৷ এতিয়া তুমি বেছিকৈ চিন্তা কৰাটোও অনুচিত - আমাৰ ভৱিষ্যৎ বংশধৰে কষ্ট পাব ৷ ... যোৱা , কি আছে লৈ আহাগৈ ; মোৰ বৰ ভোক লাগিছে , জানানে ? '
কিন্তু দীপশিখাৰ মনে মানিব নোখোজে ৷ কিবা এক আশংকাই যেন খুলি খুলি খাবলৈ ধৰিছে তাইক ; অথচ তাই সচাঁকৈয়ে নিৰুপায় ৷ সৌৰভৰ মৰমসনা চাৱনিতো তাই আশ্বস্ত হ'ব পৰা নাই ৷ এই দুদিনতে যিবোৰ ঘটনা ঘটি গ'ল , সেইবোৰে সচাঁকৈয়ে আতংকিত কৰি তুলিছে তাইক ৷ তাই ভাৱি নাপায় - মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে জানো ?
আকাশ তেতিয়া ক'লা মেঘে আৱৰি ধৰিছিল ৷ অচিৰেই এজাক বৰষুণ হ'ব ৷ নাহৰজোপাৰ তলত নীৰৱে বহি আছিল কবি সোণাৰু পাঠক ৷ ...

* চিনাকী হৃদয়ৰ অচিনাকী সুৰ ...


কলমটো মুঠি মাৰি ধৰিছে তেওঁ ৷ বেদনাত দু-ওঁঠ কামুৰি ধৰিছে : অপ্ৰকাশৰ বেদনা ৷ নিস্তব্ধতাত বুৰ গৈছে চুবুৰিটো ৷ মাজে মাজে দুই - এটা কুকুৰৰ ভুকনি শুনা যায় ৷ কেতিয়াবা অদূৰৰপৰা নৈশ সংগীত ভাহি আহে ৷ তেওঁ জানে কাৰ সুললিত কণ্ঠ এয়া ৷ সংগীত হঠাতে বন্ধ হয় ; আৰু তাৰ ঠাই অধিকাৰ কৰে সীমাহীন নীৰৱতাই ৷ এই নীৰৱতাক ভয় কৰে সোণাৰু পাঠকে ৷ আগতে এনে নাছিল ; স্বাভাৱিকভাৱেই অতিবাহিত হৈছিল দিনবোৰ ৷ কিন্তু এতিয়া যেন সকলোবোৰ কিবা ওলোট - পালট হৈ গৈছে ৷
অৱশ্যে নিশাৰ মায়াজাল এতিয়াও ভাল পায় তেওঁ ৷ জীৱনৰ মধুৰ নিশাবোৰত কিমান যে কবিতা ৰচিলে তেওঁ , তাৰ লেখ - জোখ নাই ৷ সচাঁকৈয়ে ভাবিলে সপোন যেন লাগে সেইবোৰ দিনৰ কথা ৷ এতিয়াৰ কথা বেলেগ ৷ এতিয়া নীৰস সৃষ্টিৰ বোকোচাত বিতৃষ্ণা ওপজে তেওঁৰ ৷ কিয় ? কিয় বাৰু হেৰাই গ'ল তেওঁৰ উৰ্বৰ পৃথিৱীৰ সপোন ?

মূৰ তুলি চালে তেওঁ ৷ হয় হয় , এতিয়াও তেওঁৰ পিনেই অপলক দৃষ্টিৰে চাই আছে জীৱন ফুকনে ৷ তেওঁ হয়তো বুজিছে সোণাৰু পাঠকৰ বেদনাৰ কথা , হয়তো বুজা নাই ৷ মাথো চাই ৰৈছে একেথৰে ৷ পুনৰ কলমটো হাতত তুলি ল'লে সোণাৰু পাঠকে ৷ নাই নাই , তেওঁ উদঙাই দেখুৱাব নোৱাৰে তেওঁৰ অসমৰ্থতাৰ কথা ৷
... ৰাতি দোভাগ হ'ল ৷ সোণাৰু পাঠকৰ দুচকুত দোলা দি আছে পোৱা - নোপোৱা শতেক হৃদয়ৰ বিননি ৷ জীৱন ফুকন নিৰ্বিকাৰ ৷ মাজতে ছিগাৰেট জ্বলাই লয় , তেওঁকো যাচে , তেওঁ বিনয়েৰে প্ৰত্যাখ্যান কৰে ৷ ধীৰ গতিৰে কলম চলি যায় ৷ মাজে মাজে স্তব্ধ হয় কলমৰ গতি ৷ ভাগৰি পৰে তেওঁ ; কিবা এক বিৰক্তিয়ে বাৰে বাৰে আমনি কৰিবলৈ ধৰে ৷ শুই দিবৰ মন যায় তেওঁৰ ৷ নোৱাৰে , তেওঁ শুব নোৱাৰে ৷

কোঠাটোতে পায়চাৰি কৰি থাকে জীৱন ফুকনে ৷ এক দৃঢ় সংকল্প লৈ তেওঁ আজি উপস্থিত ৷ কবি সোণাৰু পাঠকৰ ওপৰত আস্থা আছে তেওঁৰ ৷ এই আস্থাৰ ওপৰত ভেজা দিয়েই তেওঁ এই নিশা যাপন কৰিলে এক বিৰামহীন প্ৰতীক্ষাৰে ৷ তেওঁ জানে , সচাঁ হৃদয়ৰ মানুহ সোণাৰু পাঠক ৷ এক বিপৰ্যস্ত জীৱনৰ গৰাকী বাবেই নেকি সোণাৰুক আপোন আপোন লাগে তেওঁৰ ৷ তেওঁৰ এনে লাগে , দুয়ো যেন একেখন নাৱৰে যাত্ৰী ৷ কিন্তু তেওঁ জানে , সোণাৰু পাঠক তেওঁত কৈ কিহবাত বেলেগ ৷ সোণাৰু পাঠক প্ৰয়োজনতকৈ বেছি  ভাৱুক ৷
... চিন্তাত যতি পৰিল জীৱন ফুকনৰ ৷ সোণাৰু পাঠক বহাৰপৰা উঠিল ৷ হয় হয় , কামফেৰা সম্পূৰ্ণ কৰিলে তেওঁ ৷ তাৰমানে ... তাৰমানে তেওঁৰ অন্তহীন যেন লগা অপেক্ষাৰো অন্ত পৰিল ৷ কৃতজ্ঞতাসূচক চাৱনিৰে পাঠকলৈ চাই ৰ'ল তেওঁ ৷
' আপোনাৰ কাম মই সমাধা কৰিলোঁ ৷ এতিয়া আপুনি এইবোৰ লৈ যাব পাৰে ৷ কিন্তু এটা কথা , মোক আপুনি কৃতজ্ঞতা নজনাব ৷ সেয়া আপোনাৰহে প্ৰাপ্য ৷ কাৰণ মোৰ ইমানদিনে নিষ্ক্ৰিয় হৈ থকা হাত দুখন আপুনিয়ে খোল খুৱালে ৷ আপোনাক ধন্যবাদ জনোৱাৰ ভাষা মই বিচাৰি পোৱা নাই ৷ ' - সোণাৰু পাঠকৰ স্পষ্ট কণ্ঠ ৷
' তেনেকৈ আপুনি কিয় ক'লে ? মইহে আপোনাক কৃতজ্ঞতা জনাব লাগে ৷ আপুনি মহান কাৰণেই এইদৰে ক'লে ৷ '
' নহয় , মই মহান নহয় ৷ আপুনি মিছাতে মোক ওপৰলৈ নুতুলিব ৷ ... বাৰু , আপোনাৰ কাম সমাধা কৰিলোঁ ৷ কিন্তু আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দি যাওক ৷ জানিবলৈ মই খুবেই আগ্ৰহী ৷ আশা কৰোঁ , মই উচিত উত্তৰ পাম ৷ ' - সোণাৰু পাঠকৰ কথাত থতমত খালে জীৱন ফুকনে ৷ তেওঁ আশা কৰা নাছিল পাঠকে তেওঁক হঠাতে জব্দ কৰি পেলাব বুলি ৷
সোণাৰু পাঠকৰ সন্ধানী দুচকুৱে অনুসৰণ কৰিবলৈ ধৰিলে তেওঁক ৷ আগন্তুক প্ৰশ্নৰ অপেক্ষাত ৰ'ল জীৱন ফুকন ৷
... পূৱ আকাশত তেতিয়া ধলফাট দিছে ৷ চৰাই - চিৰিকটিৰ কিচিৰ - মিচিৰ শব্দত পৃথিৱীখন যেন সাৰ পাবলৈ ধৰিছে ৷ দূৰণিৰপৰা ভাহি আহিছে প্ৰভাতী বন্দনা ৷ হয় হয় , সোণাৰু পাঠকৰ চিনাকী শিল্পীগৰাকী জাগ্ৰত হৈছে ৷ অকল জাগ্ৰত হোৱাই নহয় , আন দহজনক জগাইছে ৷ শীতল বতাহছাটিয়ে চুই গৈছে সৰ্বশৰীৰ ৷
আকাশত তেতিয়া ডাৱৰ নাছিল ৷ ...

 * নৈশিক চৈতন্যৰ বেদনা ...


' দীপা ... '
এক অনুচ্চ কণ্ঠত সচকিত হৈ উঠিল দীপশিখা ৷
' দুৱাৰ খোলা দীপা ৷ '
হয় হয় , ঠিকেই ধৰিছে তাই ৷ এইটো তাৰ বাহিৰে আন কোনো হ'ব নোৱাৰে ৷ কিমান চিনাকী এই মাতটো তাইৰ ! যৌৱনৰ দুৱাৰডলিত ভৰি দিয়েই এই মাতটোৰ সৈতে পৰিচয় হৈছিল তাইৰ ৷ কিমান যে অন্তৰঙ্গতা গঢ়ি উঠিছিল এই কণ্ঠৰ গৰাকীৰ সৈতে ! সেইবোৰ এতিয়া অতীত ৷ আগতে যে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল তাৰ বাবে তাই ! ...
কিন্তু আজি হঠাতে তাৰ কণ্ঠ শুনি সচকিত হৈ পৰিল তাই ৷ তাৰমানে ...
... সৌৰভৰ মুখলৈ একেথৰে চাই ৰ'ল তাই অবাক হৈ ৷ আৱেগত উথলি উঠিল সৌৰভো ৷ কিন্তু ... নাই নাই , সি ইমান আৱেগিক হ'ব নোৱাৰে ৷ এয়া তাৰ নিয়মবিৰুদ্ধ কথা ৷ সি যে এতিয়া আন এক বান্ধোনেৰে আৱদ্ধ ৷
' মই তোমাক এইদৰে আশা কৰা নাছিলোঁ ৷ ' - কঠোৰ হ'বলৈ চেষ্টা কৰিছে তাই ৷ বিগত দিনবোৰৰ অভিজ্ঞতাই তাইক শিকাইছে কঠোৰ হ'বলৈ ৷ অথচ হৃদয়ৰ গুপুত কোণত কিবা যেন শোক উথলি উঠিল তাইৰ ৷ সৌৰভৰ এই অৱস্থা দেখি এক পুতৌমিশ্ৰিত শোকে যেন বোবা কৰিব খুজিছে তাইক ৷ অথচ কান্দোঁ বুলিও কান্দিব পৰা নাই তাই ৷ কিয় এনে হৈছে বাৰু !
ক্লান্ত খোজেৰে সৌৰভ ৷ সি জানে , কিমান যে বেদনাগধূৰ নিশা পাৰ কৰিবলগীয়া হৈছে তাই ৷ যন্ত্ৰণাকাতৰ তাইৰ মুখনিত সি আৰু বিচাৰি নাপায় সেউজ সপোনৰ আভা , সি জানে ৷ অথচ একো কৰিব নোৱাৰে সি ; সি যে সচাঁকৈয়ে নিৰুপায় ! সি যে এতিয়া ...
' মোৰ কথাৰ উত্তৰ নাই যে ! ' - দীপশিখাই এক তীব্ৰ দৃষ্টি নিক্ষেপ কৰিলে তালৈ ৷ মূৰ তুলি চালে সি ৷ কি ক'ব ভাৱি পোৱা নাই ৷ সি যে কোনো উত্তৰ যুগুত কৰি অনা নাই তাইৰ বাবে !
ক্ষণিক মৌনতা ৷ নাই নাই , তাৰ ওচৰত সচাঁকৈয়ে উত্তৰ নাই ৷ বিভ্ৰান্ত দৃষ্টিৰে চাই ৰ'ল সি ৷
দীপশিখা তাৰ প্ৰত্যুত্তৰৰ বাবে ৰৈ আছে ৷ আছে আছে , তাৰ ওচৰত বহু কথা আছে , তাই এতিয়ালৈকে ভূ নোপোৱা অনেক কথা আছে ৷ সেইবোৰ জানিব পাৰিলে তাই হয়তো ক্ষমা কৰি দিব তাক , হয়তোবা ক্ষমা নকৰিবও পাৰে ৷ নাই নাই , সি ক্ষমা বিচাৰি অহা নাই তাইৰ ওচৰত ৷ তাইক মাথো এবাৰ লগ পাবলৈ আহিছিল সি , মাথো এবাৰ ৷ তাই বাৰু বুজিবনে তাৰ বেদনাৰ কথা ! অনুভৱ কৰিব পাৰিবনে তাৰ হৃদয়ৰ ভাষা ! ...
' সিহঁতে , সিহঁতে মোক শেষ কৰি দিব ৷ মোক হত্যা কৰিবলৈ সিহঁত দৃঢ়প্ৰতিজ্ঞ ৷ কাৰণ , সিহঁতৰ কুৎসিত অভিলাষ মই নিৰস্ত্ৰ কৰি পেলাইছোঁ ৷ মোক বুজিবলৈ চেষ্টা কৰা , দীপা ৷ ... দীপা , তুমি ভয় নকৰিবা ; সিহঁতে তোমাৰ কোনো অনিষ্ট সাধিব নোৱাৰে ৷ '
' তুমিয়েই জানো কোৱা নাছিলা তোমাৰ কালৈকো ভয় নাই বুলি ! ' - ইতিকিঙৰ সুৰত ক'লে তাই , ' এতিয়া প্ৰাণৰ ভয়ত পলাই ফুৰিছা যে ! '
দীপাৰ দুচকুলৈ একেথৰে চাই ৰ'ল সি ৷ কিবা এক বেদনাই যেন খুলি খুলি খাবলৈ ধৰিছে তাক ৷ তাই জানো বুজিব ? তাই জানো বুজিবলৈ চেষ্টা কৰিব তাৰ মনৰ কথা !
' সচাঁকৈয়ে মোৰ ভয় নাই , দীপা ৷ কিন্তু মই জীয়াই থাকিব লাগিব ; মোৰ হাতত বহু কাম বাকী আছে ৷ হ'বলগীয়া পোনাটিক মোৰ মৰম দিবা ৷ তাক বুজাবা , মই আকৌ উভতি আহিম অতি সোনকালে ৷ '
সি অনুমান কৰিলে তাইৰ দুচকু চলচলীয়া হৈ আহিছে ৷ ফিৰফিৰিয়া বতাহজাকে কঁপাই থৈ গ'ল দুয়োকে ৷ অপেক্ষা এজাক বৰষুণৰ ৷ ...
' মোৰ আশা পূৰ্ণ নহ'ল , দীপা ৷ ' - আৱেগবিহ্বল কণ্ঠেৰে সৌৰভ ৷
' যি কৰা সোনকালে কৰা ৷ ' - চকুলো ঢাকিবলৈ বৃথা চেষ্টা তাইৰ ৷
... ক্লান্ত খোজেৰে আঁতৰি গ'ল সি ৷ বিলীন হৈ গ'ল অন্ধকাৰৰ গৰ্ভত ক্ৰমশঃ ৷ এক প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰ'ল দীপশিখা ৷ দুচকুৰে বৈ আছে চকুলোৰ সোঁত ৷ ববলৈ দিছে , তাই ববলৈ এৰি দিছে চকুলোবোৰ ৷ ভৰিৰ তলৰ মাটিডোখৰ যেন আঁতৰি যাবলৈ ধৰিছে ক্ৰমশ: ৷ তাইৰ এনে লাগিল কিবা এক প্ৰচণ্ড শক্তিয়ে যেন চেপি ধৰিব খুজিছে তাইৰ ডিঙি ৷
... ইয়াত তেতিয়া জোনাক নাছিল ৷


                                         ( দ্বিতীয় অধ্যায় )


মিঠা আবেলিটো বোকোচাত লৈ ৰৈ আছিল সমৰ কাকতি ৷ চেনিহাটলৈ অহা - যোৱা কৰি থকা মানুহবোৰলৈ চাই চাই আমনি লাগি গৈছিল তাৰ ৷ এবাৰ মধুকাইৰ দোকানৰপৰা তামোল এখনকে খাই আহোঁগৈ বুলি গ'ল  সি ৷ আজি বহুদিনৰ মূৰত তাক দেখিবলৈ পাই খুবেই আনন্দিত হৈছে মধুকাই ৷ চহৰলৈ যোৱাৰ পাছৰপৰা তাক আৰু দেখা নাছিল মধুকায়ে ৷ আজি সুবিধা বুজি সুধিয়েই পেলালে , ' তহঁত বোলে এতিয়া কিবা জৰুৰী কামত লাগিছা ? মোক মানে সিদিনা টংকেশ্বৰেহে ক'লে ৷ ... '
চেনিহাটৰ বুধবৰীয়া বজাৰ ৷ জনসমুদ্ৰত পৰিণত হৈছে চেনিহাট ৷ তাৰ ল'ৰালিকালৰে চিনাকী এই চেনিহাট ৷ বহু দূৰ - দূৰণিৰপৰাও মানুহ আহে চেনিহাটৰ বুধবৰীয়া বজাৰলৈ ৷ বিভিন্ন তৰহৰ বয় - বস্তুৰে ঠাহ খাই পৰে চেনিহাট ৷ ওচৰৰ গাঁৱৰ মানুহবোৰৰ ব্যস্ততাৰ শেষ নাই ৷ সমৰে মাথো চাই গৈছে মানুহবোৰৰ ৰেহ - ৰূপ ৷ বুজিবলৈ চেষ্টা কৰিছে কোন কি উদ্দেশ্যেৰে আহিছে ইয়ালৈ ৷ কাৰণ সি জানে যে ইয়াত প্ৰায়ে চুৰি - ডকাইতি , ঠগ - বাজিৰো বেহা চলে ৷ কিন্তু সি যি উদ্দেশ্যেৰে তালৈ আহিছে , সেয়া এতিয়াও সিদ্ধ হোৱাই নাই ৷ আৰু কিমান দেৰিলৈ , আৰু কিমান দেৰিলৈ অপেক্ষা কৰিব লাগিব বাৰু সি !
মধুকায়ে একেথৰে চাই ৰয় তাৰ চিন্তাক্লিষ্ট মুখখনলৈ ৷ হয়তো ধৰিব পাৰিছে , অনুভৱ কৰিব পাৰিছে তাৰ পৰিৱৰ্ত্তণ ৷ বিৰাট মানসিক পৰিৱৰ্ত্তণ ৷ এৰা সেয়া স্বাভাৱিক , সেয়া নিতান্তই স্বাভাৱিক ৷ সমৰে বুজে মধুকাইৰ মনৰ কথা ; বুজে কাৰণেই তো অকণমান হ'লেও সহানুভূতিৰ দৃষ্টিৰে চাইছে তালৈ ৷ এই মধুকায়েই এদিন আঙুলিত ধৰি জীৱনক ভাল পাবলৈ শিকাইছিল তাক ৷ মধুকাইৰ বাবেই তো হাঁহিবলৈ শিকিছিল সি ! এইবোৰ কথা সি জানো পাহৰিব পাৰিব কাহানিবা ? নোৱাৰে , সি কেতিয়াও পাহৰিব নোৱাৰে ৷
' মই এইবোৰ কথা বুজি নাপাওঁ , সমু ৷ মই ভাৱোঁ , তহঁতে ভাল কামেই কৰিবি ৷ তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ ... অ' , ভাইটি কোৱা , চেনি কিমান লাগিব ? ... '
সমৰৰ দুচকুত ভাহি আহে সেই ভয়ঙ্কৰ চিতাজুইৰ দৃশ্য , যি আছিল তাৰ জীৱনৰ এক নিৰ্ণায়ক ক্ষণ ৷ মাকৰ শিৰৰ সেন্দূৰকণ মচ খাই গৈছিল সিদিনা ৷ হয় হয় , তাৰ এতিয়াও মনত আছে কিদৰে এদিন - দুদিনকৈ পাৰ হৈছিল সিহঁতৰ দুখৰ দিনবোৰ ৷ বৰ কষ্টকৰ আছিল সেই দিনবোৰ ৷ কোনোৱে কৈছিল , তাৰ বাপেক হেনো কোনোবা সংগঠনত আছিল আৰু তাক গুলীয়াই মাৰি ভালেই কৰিলে ৷ আন কোনোৱে আকৌ কৈছিল , নাই নাই , সেইবোৰ অপপ্ৰচাৰ ; আচলতে ভুৱা সংঘৰ্ষতহে প্ৰাণ হেৰুৱালে সি ৷ নাই নাই , এইবোৰ কথা বুজি পোৱা নাছিল সি , বুজিবলৈ চেষ্টা কৰা নাছিল ৷ নবছৰীয়া তাৰ মনত আছিল এটাই সত্য - তাৰ বাপেকক কোনোবাই গুলীয়াই মাৰিছে ৷
মাকৰ যন্ত্ৰণাকাতৰ মুখখনলৈ চাই সমৰৰ অন্তৰখনে কান্দি উঠিছিল ৷ খুব কষ্ট হৈছিল মাকৰ দুটাকৈ ল'ৰা - ছোৱালীক পোহপাল দিওঁতে ; এই কথাই তাৰ অকণমানি মনটোকো ব্যথিত কৰি তুলিছিল ৷ ... আৰু এনে এক কঠিন সময়ত সিহঁতক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল মধুকাই ৷ মধুকাইৰ মৰমত দুখবোৰ পাহৰি যাবলৈ চেষ্টা কৰিছিল সমৰে ৷ তাক পঢ়া - শুনাত সহায় কৰি দিছিল ৷ মুঠতে তাক প্ৰকৃত মানুহ কৰি তুলিবলৈ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাছিল মধুকায়ে ৷ সচাঁকৈয়ে মহান আছিল মধুকাই !
আৰু এনে এক মধুকাইক এৰি এদিন চহৰলৈ গৈছিল সমৰ ৷ সেয়া অন্য এক কাহিনী ৷ ...

' চহৰলৈ গ'লি হয় , কিন্তু আমালৈ অলপো মনত পৰিবৰ নহ'ল নে ? আমাৰ ৰতনৰ মাকে তোৰ কথা মাজে মাজে সুধি থাকে ৷ মইহে কৈ থওঁ - চাবি আমাৰ সমু এদিন ডাঙৰ মানুহ হৈ উভটিব ৷ ... অ' কাইটি , সেইবিধ বিস্কুট নাই দেখোন ; আজি ৰখা নহ'ল ৷ ' - পুনৰ গ্ৰাহকৰ সৈতে ব্যস্ত হৈ পৰে মধুকাই ৷
চেনিহাট মুখৰ হৈ পৰিছে ৷ সকলো ফালে কেৱল ব্যস্ততা আৰু ব্যস্ততা ৷ মাথো সিহে ৰৈ আছে কৰ্মহীনৰ দৰে ৷ আছে , তাৰো কাম আছে ৷ এই মানুহবোৰৰ মাজত তাৰ কাম সুকীয়া ৷ সি যে এতিয়া ...
' আজি তেনেহ'লে আমাৰ ঘৰলৈকে ব'ল ৷ আমাৰ তায়ো তোক পাই ভালেই পাব ৷ বৰ ভাল লাগিব ৷ আমাৰ ঘৰতেই নিশাৰ সাঁজ খাব পাৰিবি ৷ ...'
' নেলাগে মধুকাই , আজি মই এটা বৰ দৰকাৰী কামত আহিছোঁ ৷ মানুহ এজনলৈ ৰৈ আছোঁ ৷ বেয়া নাপাবি , আজি মই যাব নোৱাৰিম ৷ তাৰমানে ... '
' এইটোৰ মূল্য সাতচল্লিশ টকা ৷ একদম শেহতীয়াকৈ আহিছে ৷ চাহিদাও ভাল ৷ এটা দিওঁ নে ? ... অ' , কি ক'লি ? আজি নেযাৱ ? আৰু নো কেতিয়াকৈ আহিবি তাকেই জানি লওঁচোন ৷ অ' , তোক কথা এটা কোৱাই হোৱা নাই নহয় ৷ মনত পৰাতে কৈ থোৱা ভাল ৷ তই তো গাঁৱৰ বহুত খবৰেই নেপাৱ ৷ সোণাৰু দাইটি সিদিনা কথমপি বাচিল ৷ যোৱা শনিবাৰৰ কথা ৷ আমাৰ গাঁৱত কিবা বেয়া বস্তু সোমোৱা বুলি পুলিচে তৎক্ষণাত তালাচী চলালে ৷ গৈ গৈ সোণাৰু দাইটিৰ বাৰীত হেনো কিবা সন্দেহজনক বস্তু পালেগৈ ৷ লগে লগে জেৰা আৰম্ভ কৰিলে ৷ সোণাৰু দাইটিয়ে কয় - এই বিষয়ে সি একোকে নাজানে ; সিহঁতেহে নামানে ৷ ... '
' তাৰ পাছত ? ' - উৎকণ্ঠা বাঢ়ি গৈছে সমৰৰ ৷
' গাঁৱৰ মানুহেৰে ভৰি পৰিল দাইটিৰ চোতাল ৷ দাইটিৰ হাতত হাতকেৰেয়া লগায়েই আৰু , তেনেতে মোহন বাবুৰ ঘৈণীয়েকে সাহস কৰি আহি যিখিনি কথা ক'লে , সেইখিনি শুনি আমাৰ সকলোৰে হাত - ভৰি থৰথৰকৈ কঁপিবলৈ ধৰিলে ৷ গাঁওখনত কি ঘটি আছে , আমি দেখোন একো গমেই নাপাওঁ ! সুখৰ কথা এইটোৱেই যে সোণাৰু দাইটি ৰক্ষা পৰিল ৷ আমি উশাহ লোৱাৰ থল সেইটোৱেই ৷ তই তো জানই , দাইটিক আমি গাঁৱৰ মানুহবোৰে কিমান ভাল পাওঁ , কিমান শ্ৰদ্ধা কৰোঁ ৷ ' - মধুকাইৰ কথাৰ ভাগ দোকানলৈ যোৱা আৰু ওচৰে - পাজৰে থকা মানুহবোৰেও ল'বলৈ ধৰিলে ৷ আচলতে সকলোৱেই আগ্ৰহী আছিল বকুলবন গাঁৱত ঘটা ঘটনা সম্পৰ্কে জানিবলৈ ৷৷
' কিন্তু কি কৈছিল নো মোহন বাবুৰ ঘৈণীয়েকে ? ' - কৌতুহল দমাব পৰা নাই সমৰে ৷ নিজৰ গাঁওখনৰ ছৱি বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে ৷ কিবা এক শক্তিয়ে যেন বাৰে বাৰে হাত বাউলি মাতি আছে তাক তাৰ আপোন গাঁওখনলৈ ৷ চহৰত থকা দিনবোৰত সি তো পাহৰি যাবলৈ চেষ্টা কৰিছিল সেইবোৰ কথা ! কিয় বাৰু এনে হৈছে তাৰ , কিয় ?
' সোতৰই পাঁচে বাইছ টকা হৈছে ৷ আপুনি বিছ টকা দিলেও হ'ব ; মাধুৰিমাৰ ভাল নে ? পঢ়া - শুনা ? ... অ' , কি কৈছিলি ? মোহন বাবুৰ ঘৈণীয়েকৰ কথা ? পিছে এটা কথা নহয় , এইবোৰ কথা সকলোৰে আগত কোৱা কথা নহয় ৷ কেনেবাকৈ আমিহে ফঁচি যাব লাগিব ৷ জানিছ' নে ? দেখা নাই ইয়াত কত ৰকমৰ মানুহ আছে ? সেই কাৰণেই ক'লোঁ বোলোঁ আজি গাঁৱলৈকেই ব'ল ৷ গৈ থাকোঁতেই কৈ যাব পাৰিম ৷ তইহে কিবা নেযাওঁ নেযাওঁখন কৰি থাক ৷ ... অ' কল্পনা বাইটি দেখোন ! আজি বহুদিনৰ মূৰত দেখিলোঁ ৷ ক'ৰপৰা ? কিবা লাগিব হবলা ? '
হয় হয় , ঠিকেই কৈছে মধুকায়ে ৷ এইবোৰ য'তে ত'তে কৈ ফুৰিব পৰা বিধৰ কথা নহয় ৷ কিন্তু সি সচাঁকৈয়ে উৎসুক হৈ পৰিছে কথাবোৰ জানিবলৈ ৷ তেন্তে কি কৰিব বাৰু সি ! হয় হয় , গাঁৱলৈ নগ'লে নহ'ব ৷ সি বহু কথাৰে ভূ নাপায় ৷ তাক তো অন্তত: জীৱন খুৰাকহঁতে খবৰ দিব পাৰিলেহেঁতেন ! কি কাৰণত তাৰপৰা এইবোৰ কথা লুকুৱাই ৰখা হৈছে , সি নাজানে ৷ জীৱন খুৰাকে জানো তাকো বিশ্বাসত ল'ব নোৱাৰে ! সি গম পায় যে তেওঁ মাজতে এদিন আহিছিল সোণাৰু পাঠকক লগ ধৰিবলৈ ৷ আৰু পুৱতি নিশা উভতি গৈছিল হাতত লৈ সোণাৰু পাঠকৰ হাতে লিখা আখৰ সম্বলিত কাগজ ৷ তাত কি লিখা আছিল সি জানে ৷ তদুপৰি সি শুনিবলৈ পাইছিল যে , তাৰ বিনিময়ত জীৱন ফুকনে নিমাখিত কবিগৰাকীক জনাবলগীয়া হৈছিল সিহঁতৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ৷ এইবোৰ জীৱন খুৰাকে নিজে কোৱা কথা ৷ সোণাৰু পাঠকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল , সি নাজানে ৷ জানিবলৈ ইচ্ছা যায় তাৰ ৷ কিন্তু আজি মধুকায়ে যি ঘটনাৰ কথা ক'লে , সেইটোৱে সচাঁকৈয়ে ভবাই তুলিলে তাক ৷ সি তো ঘূণাক্ষৰেও নাজানে এই সম্পৰ্কে ! নে তাৰপৰা লুকুৱাবলৈ চেষ্টা কৰা হৈছে এইবোৰ কথা ? সচাঁকৈয়ে এক তীব্ৰ কৌতুহলে গাঁৱলৈ হাত বাউলি মাতিলে তাক ৷ সি জানিব লাগিব এইবোৰ কথা ৷ এয়া যে তাৰ কৰ্তব্য !
হয় হয় , আজি বহুদিনৰ মূৰত নিজৰ ল'ৰালিৰ মধুৰ গাঁওখনলৈ যাব সি ৷ আজিৰ পৰিকল্পনা ত্যাগ কৰি হ'লেও যাব ৷ জীৱন খুৰাকে খং কৰিব ; তথাপিও সি যাব ৷ সি যাবই তাৰ আপোন গাঁও বকুলবনলৈ ৷ হয় হয় , সি যাবই লাগিব ৷ ...
পশ্চিম আকাশত তেতিয়া অস্তগামী সূৰুযৰ হেঙুলীয়া আভা ৷

* হৃদয় বাঁহীৰ সুৰ ...


জান' পুটুকণ ,
তোৰ পিতেৰ এই ৰণতে পৰিছিল ;
ধুনীয়াকৈ দেহাটো ধূলিয়ে পালে ৷
আবেলিৰ বতাহজাকে
খবৰটো দি গ'ল ;
আৰু সিদিনাই তোৰ মাৰৰ শিৰৰ
জুইকুঁৰাৰ দৰে দগমগীয়া সেন্দূৰকণ
মচ্ খাই গ'ল ;
তেতিয়া তই মাৰৰ তেজত ৷

হয়তো সিদিনাই
মহাকাব্যৰ বুকুত ৰচিত হৈছিল
স্বপ্নভঙ্গৰ মহা আখ্যান ;
অথবা পৱিত্ৰ প্ৰেমৰ প্ৰহেলিকা ৷ ...

... ৰৈ গ'ল সোণাৰু পাঠক ৷ বাহিৰত এছাটি সুন্দৰ বতাহ বলিছে ৷ খিৰিকীখন খুলি ল'লে তেওঁ ৷ এ-আকাশ নীলাই আৱৰি ধৰিব খুজিছে তেওঁক ৷ নাহৰজোপাই যেন হাঁহি হাঁহি কথা পাতি আছে ডালত পৰি থকা চৰাইবোৰৰ স'তে ৷ দূৰৈৰপৰা ভাহি আহিছে পথাৰত কাম কৰি থকা মানুহবোৰৰ মাত - কথা ৷ দূৰৈৰ পাহাৰৰাশিৰ ওপৰত কিছু মেঘ জমা হৈ আছে ৷ দুদিনমানৰ ভিতৰতে বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ সন্মুখৰ পথেৰে বাটৰুৱাৰ সঘন আহ - যাহ ৷ মাজে মাজে কমলাকান্তৰ ল'ৰাটোৰ চিঞৰ - বাখৰবোৰ ৷
সজীৱ হৈ উঠিছে বকুলবন গাঁও ৷ এনে সজীৱতাৰ মাজতো যেন তেওঁ বিচাৰি পায় এমুঠি যন্ত্ৰণাবোধ ৷ বেদনাহত নিশাবোৰে তেওঁৰ বুকুত গুজি যায় স্বপ্নভঙ্গৰ অযুত কাহিনী ৷ শোকাভিভূত হৃদয়ত তাৰ জুইৰঙী দিনৰ কবিতা ৷ এমুঠি সিক্ত অনুভূতি ৷ ...
বিগত দিনবোৰত ঘটি যোৱা ঘটনাবোৰে সচাঁকৈয়ে ভবাই তুলিছে তেওঁক ৷ সৌৰভৰ আত্মগোপন , দীপশিখাৰ দুৰৱস্থা , জীৱন কাকতিৰ কাম - কাজ , ৰসেশ্বৰৰ আত্মহত্যা এই সকলোবোৰৰ মাজত যেন কিবা এক যোগসূত্ৰ আছে ৷ আৰু সিদিনা তেওঁৰ নিজৰ ঘৰতে যি ঘটনা ঘটি গ'ল আৰু তাৰেই আলমত মোহন বাবুৰ ঘৈণীয়েকে যিখিনি কথা ক'লে , সকলোবোৰেই তো পৰস্পৰে পৰস্পৰৰ সৈতে সম্পৰ্কযুক্ত ৷ তেওঁ ঠিকেই অনুমান কৰিব পাৰিছে , ক'ৰবাত যেন কিবা এক ৰহস্য লুকাই আছে , দুৰ্ঘোৰ ৰহস্য ৷ হয় হয় , তেওঁ উদ্ঘাটন কৰিবই লাগিব সেই ৰহস্য ৷ এয়া যে সময়ৰ দাবী ৷ তেওঁ সচাঁকৈয়ে অৱহেলা কৰিব নোৱাৰে এইবোৰ কথা ৷
তেওঁৰ কাণত আজিও ভাহি উঠে মোহন বাবুৰ ঘৈণীয়েক মালতীয়ে কোৱা কথাবোৰ ৷ কি যে ভয়ানক আছিল সেইবোৰ কথা ! হয় হয় , তাই দৃঢ়ভাৱেই কৈছিল কথাবোৰ ৷ তাইৰ দুচকুত তেওঁ আৱিস্কাৰ কৰিছিল সত্যতাৰ এমুঠি অগ্নিস্ফূলিঙ্গ ৷ ...
লাহে লাহে অন্ধকাৰ নামি আহিল ৷ এজাক ফিৰফিৰীয়া বতাহে চুই গ'ল তেওঁক ৷ নাহৰজোপাৰ পাতবোৰৰ অন্তিম পোহৰখিনিও বিলীন হৈ গ'ল অন্ধকাৰৰ গৰ্ভত ৷ জোনাকী পৰুৱাৰ জাকবোৰ ওলাই আহিল গুপুত স্থানৰপৰা ৷ ৰৈ ৰৈ বাজি থাকিল সন্ধ্যাৰ আৰতি ৷
চাকিটো জ্বলাই ল'লে তেওঁ ৷ এইখিনি সময়ত তেওঁ খুবেই অকলশৰীয়া অনুভৱ কৰে ৷ সঙ্গীহীনতাৰ বেদনাই খুলি খুলি খাবলৈ ধৰে তেওঁক ৷ হয় হয় , তাকেই কৰিব লাগিব ; দীপশিখাক এই কেইদিনৰ কাৰণে আনি ল'ব লাগিব ৷ এতিয়া তায়ো অকলশৰীয়া ৷ শত্ৰুৰ ভয়ত সৌৰভ এতিয়া পলাতক ; চৌদিশে শত্ৰুৰ সৃষ্টি কৰি লৈ সি এতিয়া অসহায় হৈ পৰিছে ৷ তদুপৰি দীপশিখা এতিয়া সন্তানসম্ভৱা ; এনে সময়ত উপযুক্ত আদৰ - যত্নৰ প্ৰয়োজন ৷ অকলে থকাটো এতিয়া তাইৰ বাবে কেতিয়াও নিৰাপদ নহয় , বিশেষকৈ নিশাৰ ভাগত ৷ গতিকে তাইক আনি ইয়াতেই ৰাখিব লাগিব ৷ নিজৰ একমাত্ৰ ভনীয়েকৰ চকুলোৰ বোজা তেওঁ জানো সহিব পাৰিব কাহানিবা ? ...
' সোণাৰু খুৰা , ঘৰত আছে নে ? ' - এনেতে বাহিৰত কোনোবাৰ কণ্ঠ শুনি চিন্তাত যতি পৰিল তেওঁৰ ৷
বাহিৰলৈ ওলাই আহিল তেওঁ ৷ আন্ধাৰত জুমি জুমি চালে ৷ এটা ছাঁয়ামূৰ্ত্তি আগবাঢ়ি আহিল তেওঁৰ পিনে ৷ এক মুহূৰ্ত্তৰ বাবে সচকিত হ'ল তেওঁ ৷ লাহে লাহে ক্ষীণ পোহৰত স্পষ্ট হ'ল আগন্তুকৰ মুখমণ্ডল ৷ চিনিবলৈ চেষ্টা কৰিলে তেওঁ ৷
' খুৰা , মোক চিনিব পৰা নাই নে ? মই সমৰ ৷ মদন কাকতিৰ ল'ৰা ৷ '
' সমু , তই ! ' - আচৰিত হোৱাৰ পাল সোণাৰু পাঠকৰ ৷
লগে লগে কিবা এক আৱেগে দোলা দি গ'ল তেওঁৰ দেহ - মনত ৷ এক মিশ্ৰিত অনুভূতি বিয়পি পৰিল হৃদয়ৰ মাজত ৷ এফালে অনিৰ্বচনীয় আনন্দ , আনফালে এজোলোকা কেঁচা তেজ ৷ ...

... সৌৱা পানী যুৱঁলীতে তেজেৰে লুতুৰি - পুতুৰি হৈ পৰি আছে মদন ৷ তেওঁ মানুহবোৰক খবৰ দিবলৈ দৌৰিছে আৰু দৌৰিছে ৷ নাই নাই , তেওঁ আৰু নোৱাৰে ৷ আতংকত জথৰ হৈ যাব খুজিছে তেওঁৰ দুভৰি ৷ হয় হয় , কিবা এক প্ৰচণ্ড ভয়ে গ্ৰাস কৰিব খুজিছে তেওঁক ৷ তেওঁ আৰু নোৱাৰে , নোৱাৰে ৷ উজুটি খাই বাগৰি পৰিল তেওঁ ৷ নাই নাই , মানুহবোৰক খবৰ দিবই লাগিব যিকোনো উপায়েৰে ৷ কিন্তু কিয় বাৰু , কিয় বাৰু ৰূদ্ধ হৈ যাব খুজিছে তেওঁৰ কণ্ঠ ! তেওঁ মাথো দৌৰিছে , দৌৰিয়েই আছে তেওঁ ৷ ...
তেতিয়া আকাশ আছিল মেঘাচ্ছন্ন ৷ ...

.......................................................( আগলৈ )

No comments:

Post a Comment