অনুভৱৰ এমুঠি


এচেৰেঙা কোমল ৰ'দে বুৰাই পেলালে মোৰ সৰু চোতালখন...

ইমান কুৱঁলী, তোমাৰ মুখ'নিকে নিচিনি ৷ বেয়া নাপাবা ৷

প্ৰতিদিনৰ দৰেই আৰম্ভ কৰোঁ আহা আৰু এটি দিন ৷

ৰৈ আছোঁ মই আলি কেকুঁৰিতে বহি ...

চকু মুদি দেখিলোঁ- মোৰ মুখলৈ চাই হাঁহি আছে শিশু যীচুৱে ...

ক'ৰপৰা জানো বতাহজাক আহিল গমকে নাপালোঁ ৷ তুমি হবলা পালা ?

কবি মই নাছিলোঁ কোনোকালে ...

তুমি তো জানাই- মই ইমান মিঠা বেয়া পাওঁ ৷

শীত মোৰ বাঁউসীৰ এন্ধাৰৰ এজোলোকা বেঙুণীয়া হেঁপাহ ...

শব্দবোৰ সৰিছে বৰষুণ হৈ, অপেক্ষা মাথো তোমাৰ ...

2 comments: