Thursday, December 26, 2013

শব্দবোৰ যেতিয়া হেৰাই যায়... (অনুভৱ)


১: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷ কাৰণ মই তেতিয়া হৈ পৰোঁ মৃত মৌন এক কংকালসাৰ জীৱ ৷ তুমি আলফুলে আৱৰি ধৰা মোক হৃদয়ৰ সমস্ত আৱেগেৰে ৷ মই মৰহি যাব খুজিও নোৱাৰোঁ; কাৰণ তোমাৰ আঙুলিৰ ফাঁকেৰে নিগৰি সৰা জোনাকে ঢৌৱাই যায় মোৰ মূৰৰ বিশৃংখল চুলিবোৰ ৷ মই হাঁহো - প্ৰাণখুলি হাঁহো ৷ মনে মনে ঠাট্টা কৰোঁ সময়ৰ অহংকাৰক- যি অহংকাৰে কাহানিও ম্লান কৰিব নোৱাৰে তোমাৰ নিভাঁজ অস্তিত্ত্ব ৷ তোমাৰ স্বপ্নাৱিষ্ট দুচকুক পূৰ্ণতা দিয়াৰ সামৰ্থ্য মোৰ নাই বুলি জানিও তুমি হাৰ মনা নাই ৷ তুমি হাৰ মনা নাই - কাৰণ হাৰ মানিবলৈ তোমাৰ জন্ম হোৱা নাছিল ৷ তুমি আহিছিলা সদায় অহাৰ দৰে দুচকুত নীলা সপোন সিঁচি, ওঁঠত কঢ়িয়াই এপিয়লা আৱেগৰ ৰং ৷ ঠিকেই বুজিছিলোঁ মই : সময়ে তোমাক হৰুৱাব নোৱাৰে কাহানিও ৷ কাৰণ তুমি অপৰাজেয় তোমাৰ সপোনবোৰৰ দৰেই ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷

২: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷ তোমাৰ আঙুলিৰ ঠাঁৰত বিয়পি থাকে শব্দবিহীন যন্ত্ৰণাৰ উপশম ৷ মই চুই চাওঁ তোমাৰ অপূৰ্ণ সপোনবোৰ, যিবোৰ পূৰ্ণ কৰাৰ সামৰ্থ্য মোৰ নাই বুলি তুমি জানা ৷ তুমি আৰু জানা- মোৰ হৃদয়ৰপৰা তোমাৰ হৃদয়ৰ দূৰত্ব কিমান ৷ হেঁপাহৰ ৰংবোৰ পাবলৈ ময়ো ব্যাকুল হৈ পৰোঁ ঠিক তোমাৰ দৰেই ৷ আৰু মই বিচাৰোঁ পাওঁ তোমাৰ মাজত, যিবোৰ তুমি নোপোৱা মোৰ মাজত ৷ মই জানোঁ তোমাৰ বেদনাৰ পৰিধি কিমান, কিদৰে বুকুৰে পাৰ হৈ গৈছে হেজাৰটা নিদ্ৰাবিহীন ৰাতি ৷ মই জানোঁ ৷ অথচ তুমি হয়তো নাজানা- তোমাৰ দুচকুতেই মই বিচাৰি পাওঁ হেৰোৱা শব্দবোৰ ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷

৩: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ নাচাপোঁ ৷ কাৰণ মোৰপৰা তোমাৰ দূৰত্ব বহুত ৷ তুমি হয়তো জানা, এই দূৰত্ব অতিক্ৰম কৰাৰ সামৰ্থ্য মোৰ নাই ৷ মই ভবা নাছিলোঁ- ইমান সহজে হাৰ মানিবা তুমি ৷ তুমি বিশ্বাস কৰিব নোৱাৰিবা, কিমান সুখেৰে দিনবোৰ অতিবাহিত কৰিছোঁ মই ৷ নিদ্ৰাবিহীন নিশাবোৰত সিঁচি দিছোঁ এজাক ধুমুহাৰ কালপঞ্জী ৷ শব্দবিহীন শূন্যতাত বিলীন কৰি দিছোঁ মোৰ শব্দবিহীন অস্তিত্ত্ব ৷ মই এতিয়া সুখী, কাৰণ মোৰ হেৰুৱাবলৈ একো নাই শূন্যতাৰ বাহিৰে ৷ তুমিবিহীনতাৰ যন্ত্ৰণাবোৰ গলি গলি শেষ হৈ গৈছে অন্ধকাৰৰ বিশাল বুকুত ৷ তুমি চিন্তা নকৰিবা, মই এতিয়া সুখী - আন কাহানিও নোহোৱাৰ দৰে ৷ আৰু এটা কথা- মই পুনৰ আমন্ত্ৰণ কৰিব নোখোজোঁ অসুখ, এই নিদ্ৰাবিহীন নিশাবোৰত ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ নাচাপোঁ ৷

No comments:

Post a Comment