Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Wednesday, December 18, 2013

জলফাই তলৰ গধূলি ...


মোৰ বেদনাৰ জোনাক নিগৰি
তোমাৰ সৰাপাতৰ ঠিকনা ৷

পাহাৰৰ বুকুত উবুৰি খাই থাকে
আপদীয়া জোনটো
মোৰ হিয়াত সাজে ঘৰ : বেদনাৰ
দুচকুত সিঁচি দিয়ে
অযুত নিশাৰ সাধুকথা ...


একেখনেই মাথো সাকোঁ
মোৰ হিয়াৰপৰা তোমাৰ হিয়ালৈ
বগুৱা বাই যায় এবুকু সৰীসৃপ ৷

তোমাৰ অসুখ জলফাই তলৰ গধূলি
মোৰ অসুখ ইউকেলিপ্টাছ ...
দুচকুত তোমাৰ বৰষুণৰ চিঠি
নীৰৱে হেৰায়
সোণালী জাহাজৰ ঠিকনা ৷

জলফাই তলত সাৰ পায়
পিয়ানো বজোৱা প্ৰেমিকৰ
হিমশীতল দুটি ওঁঠ ...

হালধীয়া চৰাইজাক আহিল আৰু গ'ল
তোমাৰ খহি পৰা আঙুলি বুটলি
(সাক্ষী মাথো নৈখন)
ধুমুহাজাক কিমান গধুৰ আছিল
তুমি নুবুজিবা ,

কাৰণ তেতিয়াও তোমাৰ তেজত
বিয়পি পৰা নাছিল
পথ হেৰুওৱা নাৱিকটোৰ কথা ...



গুলীৱিদ্ধ হৃদয়ৰ এনিশা ...


               ১
তোৰ জেপত ভাঁজ খাই থকা
এমুঠি জীয়া ইতিহাস
এটি তেজলগা দিনৰ কবিতা ...
স্বপ্নৰ পৰিধি ঠেলি নীৰৱে আগুৱায়
তোৰ বুকুৰ সেউজীয়া ঘাঁ ...


              ২
সি কথা কয় গৰ্কীৰ
তাৰ সিক্ত একোণত লাগি ৰয়
শতাব্দীজোৰা সংগ্ৰামৰ তেজ ...
তোৰ জিভাৰে উচ্চাৰিত হয়
মাৰ্ক্সৰ মুঠি মুঠি সপোনৰ ঢৌ ...

               ৩
নিচাত মুদ খোৱা দুচকুত তোৰ
জোন-তৰাই নেমেলে গানৰ পোহাৰ

হৃদয়ত লাগি ৰয় সেয়া
আমৃত্যু যন্ত্ৰণাৰ চেকা - শতাব্দীজোৰা ...

                ৪
জুইৰ লেলিহান শিখাই আজিও সোঁৱৰায়-
"জীৱন, তোৰ বুকুত খোদিত কৰিম
সংগ্ৰামৰ জীয়া ইতিহাস ..."



অনুভৱৰ ক'লাজত ...


স্মৃতিৰ বাখৰুৱা পথেৰে
বাট বুলিছোঁ মই
শূন্যতাৰপৰা বিশালতালৈ ...

পৰেনে মনত বাৰু
বকুল ফুলা দিনবোৰৰ কথা ?
হাতে হাত ধৰি
গৰখীয়া বাঁহীৰ মতলীয়া সুৰত
নৈৰ ঘাটত বহি
বালিমাহীৰ সাধু শুনাৰ কথা ?

পৰেনে মনত
হেপাঁহৰ সোণাৰুবোৰৰ কথা ,
এজাৰ আৰু কৃষ্ণচূড়াৰ মিতিৰালিৰ কথা ?
শব্দবোৰ ফুল হোৱা দিনৰ কথা ?
অথবা ,
স্বপ্নিল পৃথিৱীৰ উমাল গানবোৰৰ কথা ?

আৰু এদিনৰ কথা ,
শব্দবোৰ নিশ্চুপ হৈ ৰৈছিল ক্ৰমশ: ;


পিঠিত হেঙুলীয়া ৰ'দ সানি
দিগন্তত বিলীন হৈ গৈছিল
সপোনৰ সঠিক ঠিকনা ৷

মই জানোঁ ,
এনেকৈয়ে হেৰাই যাব খুজিছিল
অক্লান্ত পথিকজন
দিশহাৰা নাৱিকৰ দৰে ;
মৰহি যাব খুজিছিল এপাহ ফুলৰ দৰে ;
কিন্তু নোৱাৰিলে ৷

কাৰণ ,
শব্দৰ সিপাৰেও শব্দ আছে ৷
মোৰ আঙুলিৰ ঠাঁৰত বিয়পি আছে
সপোন দেখা মানুহৰ সপোন ৷
মোৰ মানসপটত
সম্ভাৱনাময় ভৱিষ্যতৰ ছাঁ ;
সেয়া তোমাৰেই ছাঁ ৷...

অন্তৰাৰ ডায়েৰী ...



মোৰ সুপ্ত বাগিচাত
একুৰি এনিশাৰ সাধুকথা ...

চুই চাবা ,
মৰহি যাম আৱেগবোৰ সাৱটি ৷

মোৰ পদূলিত নৈঃশব্দ্যৰে গান ...













হেপাঁহবোৰ ফুলিব পদূলিত ৰৈ ...


নীলাভ সপোনৰ সিপাৰে ঘৰ মোৰ
বিচাৰি চাবা নীৰৱ নিশাবোৰত ,
অথবা যন্ত্ৰণাৰ বিষাক্ত কাৰেঙত ...

তথাপিও শীত মোৰ
বাখৰুৱা হেঁপাহৰ গান ,
যন্ত্ৰণাৰ আচোঁৰ ধুই নিয়া
এমুঠি মিঠা জোনাক ...

তুমি সদায়ে আহিবা
বুকুত কঢ়িয়াই প্ৰতিশ্ৰুতিৰ অযুত বতৰা ৷

এটি নিশাৰ সাধুকথা ... (খিৰিকীমুখৰ কবিলৈ একলম)

 বহুদিনৰ মূৰত লিখিলোঁ তোমালৈ
দুটি শব্দই বাৰে বাৰে
আমনি কৰিছেহি মোক ,
অথচ নিস্প্ৰাণ মোৰ দুচকুত
ফুটি নুঠে
হাঁহোঁ বুলিও হাঁহিব নোৱৰা গুপুত যন্ত্ৰণা ...



হায় !...
তুমি তো নাজানা
নিশাৰ ফিৰফিৰীয়া বতাহজাকে
কিদৰে কঁপাই যায়
মোৰ বুকুৰ প্ৰতিটো চুক-কোণ ;
সেয়া বাৰু থাওক ,
এইবাৰ জানা মোৰ হৃদয়ত
একুৰি এটা বেদনাৰ গুপুত স্বাক্ষৰ


জানোঁ , তুমি নাজানা ,
বুজিও নুবুজা ;
সেয়ে তুমি আঁতৰি গ'লা
মোৰ খিৰিকীমুখৰপৰা ;
এতিয়া শূন্য মোৰ আসন
খিৰিকীমুখৰ কবিৰ ...

এয়া এটি মাথো
হৃদয়ৰ আহ্বান ,
তুমি জানো নুবুজিবা ?

শব্দৰপৰা হৃদয়লৈ যাত্ৰা যাৰ ...


সুৰীয়া বাসনাই চুই যোৱা
এপিয়লা আৱেগৰ ৰঙেৰে
এটি নিভাঁজ আবেলিৰ গান -
বিয়পি পৰিছেহি
শব্দৰপৰা হৃদয়লৈ ,
অনুভৱৰ নীলাভ দুবৰিত ৷

চাই আছোঁ মই
শূন্যতাৰ দুটি শব্দ সিঁচি ...

Sunday, December 30, 2012

জোনাক একাঁজলি ...



          ১

নৈখন এৰাৰ আগতেই
সপোনটো দেখিছিল সি ৷

পপীয়া তৰা ওলোৱাৰ দিনা
নিশা দুপৰলৈ
পথাৰৰ বুকুত শিল ভাঙি ভাঙি
শিলাময় হৈ পৰা তাৰ দুহাতৰ মুঠিত
উঠি অহা নাছিল
এমুঠি সেউজ সপোন ৷

           ২

সপোন এটাই তথাপিও
দোলা দি আছিল তাৰ সিক্ত খিৰিকীখনত ৷
নিয়ঁৰসনা দুবৰি গচকি
অসীমলৈ যাত্ৰা তাৰ
সংগোপনে ...

সি যে পাহৰা নাই এতিয়াও
জোকে খোৱা বুকুৰ বেদনা !

           ৩

এইবাৰ জোনাক আহিলে
যাপন কৰিব সি
হেপাঁহৰ বেগুণীয়া নিশা ,

কাঁইটে আঁচোৰা সপোনবোৰ মোহাৰি
দুচকুত ৰচিব
এমুঠি নীলাভ কবিতা ৷