
বাট বুলিছোঁ মই
শূন্যতাৰপৰা বিশালতালৈ ...
পৰেনে মনত বাৰু
বকুল ফুলা দিনবোৰৰ কথা ?
হাতে হাত ধৰি
গৰখীয়া বাঁহীৰ মতলীয়া সুৰত
নৈৰ ঘাটত বহি
বালিমাহীৰ সাধু শুনাৰ কথা ?
পৰেনে মনত
হেপাঁহৰ সোণাৰুবোৰৰ কথা ,
এজাৰ আৰু কৃষ্ণচূড়াৰ মিতিৰালিৰ কথা ?
শব্দবোৰ ফুল হোৱা দিনৰ কথা ?
অথবা ,
স্বপ্নিল পৃথিৱীৰ উমাল গানবোৰৰ কথা ?
আৰু এদিনৰ কথা ,
শব্দবোৰ নিশ্চুপ হৈ ৰৈছিল ক্ৰমশ: ;
পিঠিত হেঙুলীয়া ৰ'দ সানি
দিগন্তত বিলীন হৈ গৈছিল
সপোনৰ সঠিক ঠিকনা ৷
মই জানোঁ ,
এনেকৈয়ে হেৰাই যাব খুজিছিল
অক্লান্ত পথিকজন
দিশহাৰা নাৱিকৰ দৰে ;
মৰহি যাব খুজিছিল এপাহ ফুলৰ দৰে ;
কিন্তু নোৱাৰিলে ৷
কাৰণ ,
শব্দৰ সিপাৰেও শব্দ আছে ৷
মোৰ আঙুলিৰ ঠাঁৰত বিয়পি আছে
সপোন দেখা মানুহৰ সপোন ৷
মোৰ মানসপটত
সম্ভাৱনাময় ভৱিষ্যতৰ ছাঁ ;
সেয়া তোমাৰেই ছাঁ ৷...
No comments:
Post a Comment