বিগত বছৰবোৰৰ দৰে আগন্তুক ২০১৪ বৰ্ষতো মুক্তিলাভ কৰিব কেইখনমান অসমীয়া কথাছৱিয়ে ৷ এয়া অসমীয়া চিত্ৰপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ দুৰ্দিনৰ সময়তো চিত্ৰ নিৰ্মাণৰ কষ্টকৰ প্ৰয়াস সচাঁকৈয়ে প্ৰশংসনীয় ৷ যি সময়ত ভাৰতৰ হিন্দী, বঙালী, তামিল, তেলুগু, মাৰাঠীকে ধৰি বিভিন্ন ভাষাৰ বোলছৱিৰ তুলনাত অসমীয়া বোলছৱি সংখ্যাগত আৰু গুণগত উভয় দিশতে পিছ পৰি থকা বুলি সততে অভিযোগ উত্থাপন কৰা হয়, যি সময়ত অসমীয়া বোলছৱি প্ৰদৰ্শনৰ ক্ষেত্ৰত অসমৰ চিত্ৰগৃহসমূহেই কৃপণালি কৰা দেখা যায়- তেনে এক সংকটপূৰ্ণ সময়ত যিসকল প্ৰযোজক, পৰিচালকে লোকচানৰ ভয় থকা স্বত্বেও অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে কঁকালত টঙালি বান্ধি আগবাঢ়ি আহি জাতিটোৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছে, তেখেতসকল সচাঁকৈয়ে ধন্য ৷ অসমীয়া ছৱি প্ৰযুক্তিগত দিশত এতিয়াও খুবেই পিছপৰা- এই কথা ষোল অনাই সচাঁ ৷ কিন্তু অসমীয়া চিনেমাৰ যি স্বকীয় বৈশিষ্ট্য, সেয়া আন বহু ভাষাৰ চিনেমাত পাবলৈ নাই ৷ উদাহৰণস্বৰূপে ক'ব পাৰি যে দক্ষিণ ভাৰতৰ ছৱিবোৰে সততে বলীউদকে অনুকৰণ কৰা দেখা যায়, আনহাতে বলীউদে অনুসৰণ কৰে হলীউদক : কিন্তু অসমীয়া চিনেমাত পোৱা যায় অসমৰ মাটিৰ গোন্ধ (যি গোন্ধ 'জয়মতী'ৰ সময়ৰেপৰা অসমবাসীৰ নিচেই পৰিচিত) ৷ অৱশ্যে সম্প্ৰতি অসমীয়া ছৱিতো দেখা গৈছে বলীউদমুখী প্ৰৱণতা, যিটো স্বাভাৱিক ; কিন্তু এনে বহু ছৱি ব্যৰ্থ হিচাপে পৰিগণিত হৈ ৰ'ল ৷ গতিকে আমি বিচাৰোঁ, আধুনিকতাৰ আৱেশেৰে অসমীয়া ছৱিৰ উত্তৰণ সন্তোষজনক গতিৰে ঘটক; ইয়াৰ বাবে অনুকৰণৰ প্ৰাসঙ্গিকতা সদায়ে থাকিব যদিও স্বকীয় গৰিমা যাতে ম্লান হৈ নাযায়, তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব নিশ্চয় ৷ আৰ্থিক সুনিশ্চয়তা অসমীয়া ছৱিৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে এক প্ৰাথমিক স্বৰ্ত্ত ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰো কৰণীয় বহুত ৷
Monday, December 30, 2013
মুক্তিৰ অপেক্ষাত খনচেৰেক অসমীয়া কথাছৱি :
শীৰ্ষক/বিষয় :
প্ৰৱন্ধ
অৱস্থান :
Guwahati, Assam, India
Saturday, December 28, 2013
বলীউদ ২০১৩ :এক চমু আলোকপাত
আৰু মাত্ৰ দুদিনমান পাছতেই মেলানি মাগিবহি ২০১৩ বৰ্ষটিয়ে; আমি ব্যস্ত হৈ পৰিম ইংৰাজী নৱবৰ্ষক আদৰিবলৈ ৷ এনে এক ক্ষণত বাৰু উভতি চাবলৈ মন নাযায়নে পুৰণি বছৰটোৰ বিভিন্ন ক্ষেত্ৰৰ পোৱা-নোপোৱাবোৰলৈ ? নিশ্চয় যায় ৷ তেন্তে আহক আমি বিদায়ী পৰত বছৰটোৰ বলীউদৰ জগতখনত ক্ষন্তেকৰ বাবে বিচৰণ কৰোঁ : অনুধাৱন কৰোঁ বছৰটোত কিমান উত্থান-পতনৰ ঢৌ পাৰ হৈ গ'ল হিন্দী চলচ্চিত্ৰ জগতখনৰ মজিয়াৰে ৷ আমি বাৰু বিচৰামতে ভাল ছৱি চাবলৈ পালোঁনে ? বলীউদে বাৰু আমাক কি দিলে ? এনেবোৰ প্ৰশ্ন নিশ্চয় আপোনাৰ মনতো উদয় হৈছে ৷ আমাৰ মনতো উদয় হোৱা এনে কিছু প্ৰশ্নৰ পম খেদিয়েই এই চমু লেখনিটো যুগুত কৰিলোঁ ৷ এই লেখনিটো এগৰাকী সাধাৰণ দৰ্শকৰ দৃষ্টিৰেহে লিখা হৈছে : ইয়াত সমালোচনাত্মক দৃষ্টিভঙ্গী প্ৰকাশ পালেও সেয়া দৰ্শক হিচাপেহে ৷ চিত্ৰ সমালোচনাৰ যোগ্যতা আমাৰ নাই ৷
এই ২০১৩ চনটো আছিল হিন্দী ছৱিজগতৰ বাবে খুবেই গুৰুত্ত্বপূৰ্ণ বছৰ ৷ এই গুৰুত্ত্ব কেইবাটাও কাৰণত প্ৰতীয়মান হয় ৷ এই বছৰতেই হিন্দী চলচ্চিত্ৰই পূৰ্ণ কৰিলে সুদীৰ্ঘ ১০০ বছৰ ৷ ১৯১৩ চনতেই 'ৰাজা হৰিশ্চন্দ্ৰ' ছৱিৰে আৰম্ভ হোৱা এই যাত্ৰা আছিল সচাঁকৈয়ে সোণোৱালী ৷ এই শতবৰ্ষীয় যাত্ৰাত দেখা যায় বহুতো উত্থান-পতন ৷ এনে উত্থান-পতনৰ মাজেৰেই বলীউদে গৰকিলে শতবৰ্ষ ৷ এই শততম বৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় নিশ্চয় ৷
এই বছৰটোৰ আন এক উল্লেখযোগ্য দিশ হৈছে একাধিক ছৱিৰ ঘৰুৱা উপাৰ্জনৰ লেখেৰে দুশ কোটিৰ 'এলিট' ঘৰত প্ৰৱেশ ৷ ইয়াৰ আগতে মাত্ৰ এখন ছৱিয়ে দুশ কোটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল, আৰু সেয়া হৈছে ২০০৯ চনৰ আমিৰ খান অভিনীত 'থ্ৰী ইডিয়টছ্' ৷ কিন্তু চলিত বৰ্ষৰ শেষাৰ্ধত দেখা যায় এক বিৰাট পৰিৱৰ্ত্তন ৷ 'থ্ৰী ইডিয়টছ্'-ৰ চাৰি বছৰীয়া ৰাজত্বকালৰ অৱসান ঘটায় পোনতে শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত 'কমেডী মচালা' ফিল্ম 'চেন্নাই এক্সপ্ৰেছ'-এ (Chennai Express) ৷ তাৰ তিনিমাহমান পাছতেই হৃত্বিক ৰৌচন, প্ৰিয়ঙ্কা চোপ্ৰা, বিৱেক অবেৰয়, কংগনা ৰানাৱট অভিনীত কল্পবিজ্ঞানভিত্তিক 'চুপাৰহিৰো' ফিল্ম 'কৃশ্ ৩'-য়ে (Krrish 3) 'চেন্নাই এক্সপ্ৰেছ'-কো ছেৰ পেলাবলৈ সক্ষম হয় ৷ সম্প্ৰতি (এই লেখাটো লিখি থকা মুহূৰ্ত্তলৈকে) আমিৰ খান, অভিষেক বচ্চন, উদয় চোপ্ৰা, কেটৰিনা কাঈফ অভিনীত 'একচন থ্ৰীলাৰ' 'ধূম : ৩' (Dhoom:3) (এইখনেই হৈছে IMAX Format-ত মুক্তি লাভ কৰা বলীউদৰ প্ৰথম চলচ্চিত্ৰ) যি গতিৰে চলি আছে, তালৈ চাই এই কথা নিঃসন্দেহে ক'ব পাৰি যে ই অনতিপলমে দুশ কোটিৰ ঘৰ স্পৰ্শ কৰিবগৈ ; তদুপৰি এইখন বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰী চিনেমা হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ যদি সেয়ে হয়, তেতিয়াহ'লে সফলতাৰ শীৰ্ষত উপনীত হ'ব অভিনেতা আমিৰ খান (অভিনীত দুখনকৈ ছৱিয়ে দুশ কোটিৰ ঘৰ স্পৰ্শ কৰা একমাত্ৰ অভিনেতা) ৷
চলিত বছৰত মুঠতে ৮ খন ছৱিয়ে ঘৰুৱা উপাৰ্জনৰ লেখেৰে এশ কোটিৰ ডেওনা পাৰ কৰে ৷ এই সফলতা লভিবলৈ সক্ষম হোৱা আন ৫ খন ছৱি হৈছে ক্ৰমে 'য়েহ জৱানী হ্যায় দীৱানী' (Yeh Jawaani Hai Deewani) (দুশ কোটি টকাৰ ওচৰা-ওচৰি), 'গোলীয়ো কি ৰাসলীলা ৰাম-লীলা' (Goliyon Ki Raasleela Ram-Leela), 'ভাগ মিলখা ভাগ' (Bhaag Milkha Bhaag), 'গ্ৰেণ্ড মস্তি' (Grand Masti) (এশ কোটি স্পৰ্শ কৰা প্ৰথম 'এডাল্ট মোভী') আৰু 'ৰেচ ২' (Race 2) ৷ তদুপৰি 'আশিকী ২' (Aashiqui 2), 'স্পেচিয়েল ২৬' (Special Chabbis) আদিয়েও যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বিনিয়োগৰ তুলনাত শতকৰা হিচাপত আটাইতকৈ বেছি লাভ অৰ্জন কৰা ছৱিবোৰ হৈছে 'আশিকী ২' (৬১২% লাভ), 'য়েহ জৱানী হ্যায় দীৱানী', 'এ.বি.চি.ডি.' (Any Body Can Dance), 'ফাক্ৰী' (Fukrey), 'গ্ৰেণ্ড মস্তি' আদি ৷ এফালে উপাৰ্জনৰ পাহাৰ, আনফালে বিস্তৰ লোকচান- এয়া চলিত বৰ্ষতো সহজলভ্য ৷ 'জঞ্জীৰ' (Zanjeer), 'জিলা গাজিয়াবাদ' (Zila Ghaziabad), 'বছ' (Boss), 'বুলেট ৰাজা' (Bullett Raja), 'গোৰী তেৰে প্যাৰ মে' (Gori Tere Pyaar Mein) আদিয়ে 'বক্স অফিচ'-ত মুখ ঠেকেচা খাই 'ফ্লপ'-ৰ শাৰীলৈ অৱনমিত হয় ৷ বছৰটোত কেইবাখনো ছৱিৰ 'ছিকুৱেল' তথা 'কোৱাছি-চিকুৱেল'-এ মুক্তি লাভ কৰে ৷ এইবোৰৰ ভিতৰত 'ধূম ৩', 'কৃশ্ ৩', 'ৰেচ ২', 'আশিকী ২' আৰু 'গ্ৰেণ্ড মস্তি'-য়ে বাণিজ্যক সফলতা লাভ কৰে যদিও 'মাৰ্দাৰ ৩' (Murder 3), 'ওৱাঞ্চ আপন এ টাইম ইন মুম্বাই দোবাৰা' (Once Upon A Time In Mumbai 2), 'শ্বুট আউট এট ৱাডালা' (Shootout At Wadala), 'চাহেব, বিবি অউৰ গেংষ্টাৰ ৰিটাৰ্ণছ্' (Saheb, Biwi Aur Gangster Returns), 'সত্য ২' (Satya 2), 'য়ামলা পাগলা দীৱানা ২' (Yamla Pagla Deewana 2) আদি ব্যৰ্থ হয় ৷
শীৰ্ষক/বিষয় :
প্ৰৱন্ধ
অৱস্থান :
Guwahati, Assam, India
Thursday, December 26, 2013
শব্দবোৰ যেতিয়া হেৰাই যায়... (অনুভৱ)
১: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷ কাৰণ মই তেতিয়া হৈ পৰোঁ মৃত মৌন এক কংকালসাৰ জীৱ ৷ তুমি আলফুলে আৱৰি ধৰা মোক হৃদয়ৰ সমস্ত আৱেগেৰে ৷ মই মৰহি যাব খুজিও নোৱাৰোঁ; কাৰণ তোমাৰ আঙুলিৰ ফাঁকেৰে নিগৰি সৰা জোনাকে ঢৌৱাই যায় মোৰ মূৰৰ বিশৃংখল চুলিবোৰ ৷ মই হাঁহো - প্ৰাণখুলি হাঁহো ৷ মনে মনে ঠাট্টা কৰোঁ সময়ৰ অহংকাৰক- যি অহংকাৰে কাহানিও ম্লান কৰিব নোৱাৰে তোমাৰ নিভাঁজ অস্তিত্ত্ব ৷ তোমাৰ স্বপ্নাৱিষ্ট দুচকুক পূৰ্ণতা দিয়াৰ সামৰ্থ্য মোৰ নাই বুলি জানিও তুমি হাৰ মনা নাই ৷ তুমি হাৰ মনা নাই - কাৰণ হাৰ মানিবলৈ তোমাৰ জন্ম হোৱা নাছিল ৷ তুমি আহিছিলা সদায় অহাৰ দৰে দুচকুত নীলা সপোন সিঁচি, ওঁঠত কঢ়িয়াই এপিয়লা আৱেগৰ ৰং ৷ ঠিকেই বুজিছিলোঁ মই : সময়ে তোমাক হৰুৱাব নোৱাৰে কাহানিও ৷ কাৰণ তুমি অপৰাজেয় তোমাৰ সপোনবোৰৰ দৰেই ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷
২: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷ তোমাৰ আঙুলিৰ ঠাঁৰত বিয়পি থাকে শব্দবিহীন যন্ত্ৰণাৰ উপশম ৷ মই চুই চাওঁ তোমাৰ অপূৰ্ণ সপোনবোৰ, যিবোৰ পূৰ্ণ কৰাৰ সামৰ্থ্য মোৰ নাই বুলি তুমি জানা ৷ তুমি আৰু জানা- মোৰ হৃদয়ৰপৰা তোমাৰ হৃদয়ৰ দূৰত্ব কিমান ৷ হেঁপাহৰ ৰংবোৰ পাবলৈ ময়ো ব্যাকুল হৈ পৰোঁ ঠিক তোমাৰ দৰেই ৷ আৰু মই বিচাৰোঁ পাওঁ তোমাৰ মাজত, যিবোৰ তুমি নোপোৱা মোৰ মাজত ৷ মই জানোঁ তোমাৰ বেদনাৰ পৰিধি কিমান, কিদৰে বুকুৰে পাৰ হৈ গৈছে হেজাৰটা নিদ্ৰাবিহীন ৰাতি ৷ মই জানোঁ ৷ অথচ তুমি হয়তো নাজানা- তোমাৰ দুচকুতেই মই বিচাৰি পাওঁ হেৰোৱা শব্দবোৰ ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ চাপোঁ ৷
৩: শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ নাচাপোঁ ৷ কাৰণ মোৰপৰা তোমাৰ দূৰত্ব বহুত ৷ তুমি হয়তো জানা, এই দূৰত্ব অতিক্ৰম কৰাৰ সামৰ্থ্য মোৰ নাই ৷ মই ভবা নাছিলোঁ- ইমান সহজে হাৰ মানিবা তুমি ৷ তুমি বিশ্বাস কৰিব নোৱাৰিবা, কিমান সুখেৰে দিনবোৰ অতিবাহিত কৰিছোঁ মই ৷ নিদ্ৰাবিহীন নিশাবোৰত সিঁচি দিছোঁ এজাক ধুমুহাৰ কালপঞ্জী ৷ শব্দবিহীন শূন্যতাত বিলীন কৰি দিছোঁ মোৰ শব্দবিহীন অস্তিত্ত্ব ৷ মই এতিয়া সুখী, কাৰণ মোৰ হেৰুৱাবলৈ একো নাই শূন্যতাৰ বাহিৰে ৷ তুমিবিহীনতাৰ যন্ত্ৰণাবোৰ গলি গলি শেষ হৈ গৈছে অন্ধকাৰৰ বিশাল বুকুত ৷ তুমি চিন্তা নকৰিবা, মই এতিয়া সুখী - আন কাহানিও নোহোৱাৰ দৰে ৷ আৰু এটা কথা- মই পুনৰ আমন্ত্ৰণ কৰিব নোখোজোঁ অসুখ, এই নিদ্ৰাবিহীন নিশাবোৰত ৷ সেয়েহে শব্দবোৰ যেতিয়া হেৰাই যায়, মই তোমাৰ কাষ নাচাপোঁ ৷
শীৰ্ষক/বিষয় :
অনুভৱ
অৱস্থান :
Guwahati, Assam, India
Monday, December 23, 2013
শুনা শুনা সভাসদ (বিশেষ ৰচনা) :
দৃশ্যপট : এক
মানুহজন সন্মানীয় ৷ পিচে তেওঁৰ নীতিনো কিমান 'চিধা' - তাৰ জোখ লয় কোনে ? তেওঁ যি 'নীতি' সদায় 'অনুসৰণ' কৰে, তাত কিহৰ বা আখৰা চলে ! কপটীয়া মনৰ কথা এনেয়ো ধৰিব নোৱাৰি ৷ সাক্ষাৎ 'জেণ্টেলমেন' (আমি সৰুতে গাইছিলোঁ- 'জেণ্টেলমেন, জেণ্টেলমেন- জেপত থাকে সদায় ফাউণ্টেন পেন') ! গাখীৰত পানী মিহলোৱাবিধৰ কথা নহয় এয়া- বৰং তাতোকৈ তিনিখোপ চৰা (সততে কোৱাৰ দৰে এখোপ বা দুখোপ নহয়) ৷ ক'ত মাৰিলে 'টিপা', ক'ৰ পায়গৈ 'শিপা'- তেওঁৰ জনা আছে ৷ 'ওপৰঞ্চি' উপাৰ্জনত সিদ্ধহস্ত- হাতখন ভাল (আন কথাত হাতৰ খজুৱতি সতকাই মাৰ নাযায়) ৷ ক'লা টকা বগা কৰাত বেছ পাকৈত ৷ ক'ত নাই তেওঁ ? অফিচে-কাছাৰীয়ে তেওঁৰ খদমদম ৷ প্ৰশাসনতো আছে; আনকি শিক্ষাক্ষেত্ৰতো আছে (শুনিবলৈ বেয়া লাগিব পাৰে দেই) ৷ ক্ষমতাৰ গাদীখন লেতেৰা, দুৰ্গন্ধময় কৰি হ'লেও তেওঁ বৰ্তমান ৷ সমাজত প্ৰতিশ্ৰুতিৰ 'ফুলজাৰি' (যেনিবা 'প্ৰতিশ্ৰুতি'বোৰ বজাৰতহে কিনিব পায় !), ভিতৰত পুতলাৰ গাড়ী ৷ জ্ঞানীলোকে জানো এনেয়ে কয়- বোলে বাহিৰে ৰং-চং, ভিতৰে কোৱাভাতুৰী ৷ চাব, তেওঁৰ শেনচকু আপোনাৰ ওপৰতো পৰিব পাৰে !
(চিন্তা কৰি চালোঁ, এইটো বাৰু ভাল গল্পৰ প্লট হ'ব পাৰেনে ? পুনৰাই চেষ্টা কৰি চোৱাতনো কি আপত্তি !)
দৃশ্যপট : দুই
অইন এজনৰ কথা (নামটো বাৰু নক'লোৱেই বা ! ক'লেই মুখত ছাই পৰিব ৷ তথাপিও কথাতেই কথা ওলায় দিয়কচোন ৷)- তেওঁ হেনো নাৰীৰ অধিকাৰ সম্পৰ্কে সজাগ নাগৰিক ৷ লগতে শিশু শ্ৰম বিৰোধী কোনোবা 'সংগঠন'ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত ৷ পিচে অপ্ৰিয় হ'লেও সত্য যে, কাৰ্যক্ষেত্ৰতহে মানুহৰ প্ৰকৃত পৰিচয় পোৱা যায় (ক'বলৈ গ'লে শেষেই নহ'ব এথোন) ৷ এইবোৰ কথা নকৈও নোৱাৰি, দেখিও নেদেখাৰ ভাও জুৰি থাকিলে পাপে চুৱাৰ ভয় ৷ মাথোন এবাৰ তেওঁৰ ঘৰখনলৈ দৃষ্টি দিয়কচোন ৷ সেই কণমানিকেইটাৰ কাপোৰবোৰ চাওক, মুখবোৰ চাওক- ঠিকেই বুজিব ৷ পিচে মালিকো কমখন অভিনেতা নহয় (ভালেহে তিষ্ঠি থাকিব পাৰেনে ?); 'পেহীৰ ল'ৰা, মাহীৰ ছোৱালী' বুলি দক্ষতাৰে কাম চলাই দিয়ে ৷ কোনে বাৰু খুচৰি থাকিব ? কণমানিকেইটাৰ বেদনা তো আমি বুজিও নুবুজোঁ ! সেয়া বাৰু থাওক ৷ আন কথালৈ আহোঁ ৷
শীৰ্ষক/বিষয় :
বিশেষ ৰচনা
অৱস্থান :
Guwahati, Assam, India
Sunday, December 22, 2013
এজাৰত হৃদয়ৰ সংবাদ - ১ (পত্ৰোপন্যাসিকা)
ডিব্ৰুগড় ,
মৰমৰ অংকু , ১ আগষ্ট , ১৯৮১
দূৰণিৰপৰা কাগজৰ বুকুত পঠিওৱা মৰমবোৰ গ্ৰহণ কৰিবা ৷ মাজনীক মোৰ মৰম যাচিবা ৷ বাইজীলৈও মৰম পঠিয়ালোঁ ৷ সকলোকে মোৰ মৰমৰ ভাগ দিবা ৷ আশা কৰোঁ তোমালোক ভালে - কুশলে আছা ৷ মোৰ ভাল ৷
বহুদিন ধৰি তোমালোকৰপৰা চিঠি নাপাই মই বৰ চিন্তিত হৈ পৰিছিলোঁ ৷ ব্যস্ততাৰ বাবে ময়ো চিঠি লিখিব পৰা নাই ৷ এনেতে সিদিনা হঠাতে তোমাৰ চিঠি লৈ ডাকোৱাল উপস্থিত হ'ল ৷ মই যেন হাততে সৰগ ঢুকি পালোঁ ৷ আৰু এয়া তাৰেই উত্তৰ দিবলৈ সাংঘাতিক ব্যস্ততাৰ মাজতো মই কলম তুলি লৈছোঁ ৷
চিঠিখনত বৰ ডাঙৰ সমস্যা এটাৰ কথা উল্লেখ কৰিছা তুমি ৷ এই ক্ষেত্ৰত মই তোমাক এতিয়াই একো ক'ব নোৱাৰিম ৷ বাইজীৰ সৈতে ভালদৰে আলোচনা কৰিব লাগিব ৷ অ' , মই তোমাক সদ্যহতে এই পৰামৰ্শই দিব পাৰোঁ যে জীৱনৰ জটিল ক্ষণত বাইজীৰ কথামতেই চলিবা ৷ কোনো ক্ষেত্ৰতে বাইজীৰ অবাধ্য নহ'বা ৷ নহ'লে মই ভীষণ দুখ পাম ৷
তুমি বেছিকৈ চিন্তা কৰি নাথাকিবা ৷ পঢ়া - শুনা ভালদৰে চলাই যাবা ৷ এইবাৰ ৰিজাল্ট ভাল কৰিব লাগিব ৷ এটা ভাল খবৰ দি থওঁ শুনা ৷ মই দুই - এদিনতে পামগৈ ৷ বাইজীক খবৰ দিবা ৷
বিশেষ নাই ৷ ব্যস্ততাৰ বাবে দীঘলীয়া চিঠি লিখিব নোৱাৰিম ৷ তাৰ বাবে ক্ষমা বিচাৰিছোঁ ৷ মাথো কওঁ - তুমি এতিয়া ডাঙৰ হৈ আহিছা ; বহু কথা বুজি পোৱা হৈছা ৷ তথাপিও কওঁ বাইজীৰ কথা মতেই চলিবা ৷
চিঠিৰ উত্তৰলৈ ৰৈ আছোঁ ৷ পুনৰ মৰম আৰু এবুকু হিয়াভৰা আশীৰ্বাদেৰে -
ইতি ,
তোমাৰ মৰমৰ দেউতা
শীৰ্ষক/বিষয় :
পত্ৰোপন্যাসিকা
অৱস্থান :
Guwahati, Assam, India
Thursday, December 19, 2013
অংকীয়া ভাওনাৰ একাংশ (ভিডিঅ' ক্লিপ)
সত্ৰীয়া সংস্কৃতিৰ অনন্য উপাদান অংকীয়া ভাওনা পৰিৱেশনৰ দৃশ্য (ৰাকেশ বৰুৱাৰ সৌজন্যত)
শীৰ্ষক/বিষয় :
ভিডিঅ' ক্লিপ
অৱস্থান :
Guwahati, Assam, India
Wednesday, December 18, 2013
জলফাই তলৰ গধূলি ...

তোমাৰ সৰাপাতৰ ঠিকনা ৷
পাহাৰৰ বুকুত উবুৰি খাই থাকে
আপদীয়া জোনটো
মোৰ হিয়াত সাজে ঘৰ : বেদনাৰ
দুচকুত সিঁচি দিয়ে
অযুত নিশাৰ সাধুকথা ...
একেখনেই মাথো সাকোঁ
মোৰ হিয়াৰপৰা তোমাৰ হিয়ালৈ
বগুৱা বাই যায় এবুকু সৰীসৃপ ৷
তোমাৰ অসুখ জলফাই তলৰ গধূলি
মোৰ অসুখ ইউকেলিপ্টাছ ...
দুচকুত তোমাৰ বৰষুণৰ চিঠি
নীৰৱে হেৰায়
সোণালী জাহাজৰ ঠিকনা ৷
জলফাই তলত সাৰ পায়
পিয়ানো বজোৱা প্ৰেমিকৰ
হিমশীতল দুটি ওঁঠ ...
হালধীয়া চৰাইজাক আহিল আৰু গ'ল
তোমাৰ খহি পৰা আঙুলি বুটলি
(সাক্ষী মাথো নৈখন)
ধুমুহাজাক কিমান গধুৰ আছিল
তুমি নুবুজিবা ,
কাৰণ তেতিয়াও তোমাৰ তেজত
বিয়পি পৰা নাছিল
পথ হেৰুওৱা নাৱিকটোৰ কথা ...
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
গুলীৱিদ্ধ হৃদয়ৰ এনিশা ...
১
তোৰ জেপত ভাঁজ খাই থকা
এমুঠি জীয়া ইতিহাস
এটি তেজলগা দিনৰ কবিতা ...
স্বপ্নৰ পৰিধি ঠেলি নীৰৱে আগুৱায়
তোৰ বুকুৰ সেউজীয়া ঘাঁ ...

২
সি কথা কয় গৰ্কীৰ
তাৰ সিক্ত একোণত লাগি ৰয়
শতাব্দীজোৰা সংগ্ৰামৰ তেজ ...
তোৰ জিভাৰে উচ্চাৰিত হয়
মাৰ্ক্সৰ মুঠি মুঠি সপোনৰ ঢৌ ...
৩
নিচাত মুদ খোৱা দুচকুত তোৰ
জোন-তৰাই নেমেলে গানৰ পোহাৰ
হৃদয়ত লাগি ৰয় সেয়া
আমৃত্যু যন্ত্ৰণাৰ চেকা - শতাব্দীজোৰা ...
৪
জুইৰ লেলিহান শিখাই আজিও সোঁৱৰায়-
"জীৱন, তোৰ বুকুত খোদিত কৰিম
সংগ্ৰামৰ জীয়া ইতিহাস ..."
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
অনুভৱৰ ক'লাজত ...

বাট বুলিছোঁ মই
শূন্যতাৰপৰা বিশালতালৈ ...
পৰেনে মনত বাৰু
বকুল ফুলা দিনবোৰৰ কথা ?
হাতে হাত ধৰি
গৰখীয়া বাঁহীৰ মতলীয়া সুৰত
নৈৰ ঘাটত বহি
বালিমাহীৰ সাধু শুনাৰ কথা ?
পৰেনে মনত
হেপাঁহৰ সোণাৰুবোৰৰ কথা ,
এজাৰ আৰু কৃষ্ণচূড়াৰ মিতিৰালিৰ কথা ?
শব্দবোৰ ফুল হোৱা দিনৰ কথা ?
অথবা ,
স্বপ্নিল পৃথিৱীৰ উমাল গানবোৰৰ কথা ?
আৰু এদিনৰ কথা ,
শব্দবোৰ নিশ্চুপ হৈ ৰৈছিল ক্ৰমশ: ;
পিঠিত হেঙুলীয়া ৰ'দ সানি
দিগন্তত বিলীন হৈ গৈছিল
সপোনৰ সঠিক ঠিকনা ৷
মই জানোঁ ,
এনেকৈয়ে হেৰাই যাব খুজিছিল
অক্লান্ত পথিকজন
দিশহাৰা নাৱিকৰ দৰে ;
মৰহি যাব খুজিছিল এপাহ ফুলৰ দৰে ;
কিন্তু নোৱাৰিলে ৷
কাৰণ ,
শব্দৰ সিপাৰেও শব্দ আছে ৷
মোৰ আঙুলিৰ ঠাঁৰত বিয়পি আছে
সপোন দেখা মানুহৰ সপোন ৷
মোৰ মানসপটত
সম্ভাৱনাময় ভৱিষ্যতৰ ছাঁ ;
সেয়া তোমাৰেই ছাঁ ৷...
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
অন্তৰাৰ ডায়েৰী ...
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
হেপাঁহবোৰ ফুলিব পদূলিত ৰৈ ...
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
এটি নিশাৰ সাধুকথা ... (খিৰিকীমুখৰ কবিলৈ একলম)
বহুদিনৰ মূৰত লিখিলোঁ তোমালৈ
দুটি শব্দই বাৰে বাৰে
আমনি কৰিছেহি মোক ,
অথচ নিস্প্ৰাণ মোৰ দুচকুত
ফুটি নুঠে
হাঁহোঁ বুলিও হাঁহিব নোৱৰা গুপুত যন্ত্ৰণা ...
হায় !...
তুমি তো নাজানা
নিশাৰ ফিৰফিৰীয়া বতাহজাকে
কিদৰে কঁপাই যায়
মোৰ বুকুৰ প্ৰতিটো চুক-কোণ ;
সেয়া বাৰু থাওক ,
এইবাৰ জানা মোৰ হৃদয়ত
একুৰি এটা বেদনাৰ গুপুত স্বাক্ষৰ
জানোঁ , তুমি নাজানা ,
বুজিও নুবুজা ;
সেয়ে তুমি আঁতৰি গ'লা
মোৰ খিৰিকীমুখৰপৰা ;
এতিয়া শূন্য মোৰ আসন
খিৰিকীমুখৰ কবিৰ ...
এয়া এটি মাথো
হৃদয়ৰ আহ্বান ,
তুমি জানো নুবুজিবা ?
দুটি শব্দই বাৰে বাৰে
আমনি কৰিছেহি মোক ,
অথচ নিস্প্ৰাণ মোৰ দুচকুত
ফুটি নুঠে
হাঁহোঁ বুলিও হাঁহিব নোৱৰা গুপুত যন্ত্ৰণা ...
হায় !...
তুমি তো নাজানা
নিশাৰ ফিৰফিৰীয়া বতাহজাকে
কিদৰে কঁপাই যায়
মোৰ বুকুৰ প্ৰতিটো চুক-কোণ ;
সেয়া বাৰু থাওক ,
এইবাৰ জানা মোৰ হৃদয়ত
একুৰি এটা বেদনাৰ গুপুত স্বাক্ষৰ
জানোঁ , তুমি নাজানা ,
বুজিও নুবুজা ;
সেয়ে তুমি আঁতৰি গ'লা
মোৰ খিৰিকীমুখৰপৰা ;
এতিয়া শূন্য মোৰ আসন
খিৰিকীমুখৰ কবিৰ ...
এয়া এটি মাথো
হৃদয়ৰ আহ্বান ,
তুমি জানো নুবুজিবা ?
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
শব্দৰপৰা হৃদয়লৈ যাত্ৰা যাৰ ...
শীৰ্ষক/বিষয় :
কবিতা
অৱস্থান :
Guwahati, Assam, India
ভ্ৰম (অণুগল্প)
কি নাম দিব বাৰু এই সম্বন্ধৰ - ৰমাকাইটিয়ে ভাবি উলিয়াব পৰা নাই ৷ অথচ সি খুব ভালকৈয়ে জানে যে এয়া বেছিদিন টিকাটো অসম্ভৱ ৷ ...
বাৰে বাৰে একেটা কথাকে মনত পাগুলিয়াই থাকিল সি ; অথচ সমাধান সূত্ৰ বিচাৰি উলিয়াব পৰা নাই ৷
আপুনি যদি তাক চিনি পায় , এবাৰ মোৰ কথা কৈ দিবচোন ৷ দেখিব কিদৰে জঁকি উঠে সি ... "মোৰ বিষয়ে ইমান মিছা মিছা কথা লিখা সেইটো মৰাই নাই নেকি ...?"
কিন্তু মোৰ অনুৰোধ - আপুনি মোৰ প্ৰতি বিশ্বাস নেহেৰুৱাব ৷...
শীৰ্ষক/বিষয় :
অণুগল্প
অৱস্থান :
Guwahati, Assam, India
Saturday, December 14, 2013
আৰণ্যক ( উপন্যাসিকা )
( উপন্যাসিকাখনিৰ চৰিত্ৰসমূহ কাল্পনিক ৷ উপন্যাসিকাখনিৰ কাহিনীভাগ এই সমাজখনৰ ওপৰতেই আধাৰিত ৷ )
* প্ৰস্তাৱনা :
... দীপশিখাৰ বুকুত জুই ৷ এজাক প্ৰচণ্ড ধুমুহাই যেন থানবান কৰি পেলালে তাইৰ সপোনৰ ঘৰখন ৷ হেৰুৱাই পেলালে তাই বহু কিবাকিবি ৷ জীৱনৰ প্ৰতি মমতা হেৰাই যাব খোজে তাইৰ ; অথচ কিবা এক বান্ধোনে যেন অকাতৰে জব্দ কৰি পেলায় তাইক ৷ তাই নিৰুপায় ; সচাঁকৈয়ে নিৰুপায় তাই ৷ নিষ্ঠুৰ সময়ৰ প্ৰতি তাইৰ প্ৰচণ্ড ক্ষোভ ৷
কোঠাৰ এন্ধাৰত নীৰৱে চকুলো টুকে তাই ৷ নীৰৱে শুই পৰে বুকুৰ কণমানিটি ৷ এই কণমানিটিয়ে তাইৰ বুকুৰ সম্বল ; নিৰাশাৰ মাজত আশাৰ এমুঠি ৰেঙণি ৷ দীপশিখাৰ অন্তৰৰ বিননি যেন প্ৰতিধ্বনিত হয় প্ৰাচীৰে প্ৰাচীৰে , আকাশে - বতাহে , হৃদয়ৰ দুৱাৰে দুৱাৰে ৷
প্ৰতিধ্বনিত হয় এই বিননি সোণাৰু পাঠকৰ হৃদয়ত ৷ ... কবি সোণাৰু পাঠক ৷ সময়ৰ হাতত বৰ বেয়াকৈ বিপৰ্যস্ত এক নিমাখিত কবি ৷ এতিয়া আৰু তেওঁৰ কলমেৰে নিগৰি নোলায় সেউজ সপোনৰ প্ৰতিচ্ছৱি ; গলি নাযায় তেওঁৰ হৃদয়ৰ হিমীভূত গান ৷ তেওঁ অনুভৱ কৰে - তেওঁ যেন জীৱন যুঁজৰ এগৰাকী পৰাজিত সৈনিক ৷ বেদনাৰ এচমকা ডাৱৰেৰে পৰিপূৰ্ণ তেওঁৰ বুকু ৷ জড়তাত অভ্যস্ত হৈছে তেওঁৰ সৃষ্টি - সেয়া যে প্ৰাণহীন , স্পন্দনহীন !
... আৰু জোনাকত প্লাৱিত হয় পদূলিৰ নাহৰজোপা ৷
( প্ৰথম অধ্যায় )
সৌৰভৰ দুবাহুৰ বন্ধনত সপোন ৰচিছিল তাই ৷ তাৰ নীলাভ দুচকুৰ উজ্জ্বল জ্যোতিত উদ্ভাসিত হৈছিল তাইৰ সপোনৰ ঘৰ : এটি অনাগত ভৱিষ্যতৰ গান ৷ জোনাকত উমলিছিল তাই ৷ সাঁতুৰি - নাদুৰি আহিছিল এক দেৱশিশু ৷তাই শিকিছিল প্ৰাণ খুলি হাঁহিবলৈ ৷ আনন্দত ভৰি পৰিছিল তাইৰ বুকু ৷
... কিন্তু এক অজান আশংকা ক্ৰমশঃ বিয়পি পৰিল তাইৰ সৰ্বশৰীৰত ৷ স্তিমিত হৈ আহিল তাইৰ মুখৰ হাঁহি ৷ তাই যেন এতিয়া সৌৰভৰ মাজত বিচাৰি নোপোৱা হ'ল তাইৰ নিজৰ প্ৰতিচ্ছৱি ৷ সৌৰভ এতিয়া বিপ্লৱী ৷ তাৰ মুখত এতিয়া লাগি ৰয় বিপ্লৱৰ অগ্নিস্ফূলিঙ্গ ৷ সৰ্বসাধাৰণৰ মুক্তিৰ বাবেই তাৰ এই সংগ্ৰাম ৷ হিয়াত তাৰ বিপ্লৱী চেতনাৰ সুৰ ৷
শত্ৰু সাজিছে সৌৰভে ; চৌদিশে শত্ৰুৰ দুৰ্গ ! খুব ভয় লাগে দীপশিখাৰ ৷ দিনে দিনে আশংকা বৃদ্ধি হৈ গৈছে তাইৰ ৷ তাইৰ শ্বাস - প্ৰশ্বাস ৰুদ্ধ হৈ যাব খোজে ৷ কিন্তু সৌৰভ আকোঁৰগোজ ৷ সৰুৰেপৰা সি তেনে স্বভাৱৰে ৷ হক কথাত সি মাত মাতিবই ; কোনেও বাধা দিব নোৱাৰে তাক ৷
শীৰ্ষক/বিষয় :
উপন্যাসিকা
অৱস্থান :
Guwahati, Assam, India
Subscribe to:
Posts (Atom)