( উপন্যাসিকাখনিৰ চৰিত্ৰসমূহ কাল্পনিক ৷ উপন্যাসিকাখনিৰ কাহিনীভাগ এই সমাজখনৰ ওপৰতেই আধাৰিত ৷ )
* প্ৰস্তাৱনা :
... দীপশিখাৰ বুকুত জুই ৷ এজাক প্ৰচণ্ড ধুমুহাই যেন থানবান কৰি পেলালে তাইৰ সপোনৰ ঘৰখন ৷ হেৰুৱাই পেলালে তাই বহু কিবাকিবি ৷ জীৱনৰ প্ৰতি মমতা হেৰাই যাব খোজে তাইৰ ; অথচ কিবা এক বান্ধোনে যেন অকাতৰে জব্দ কৰি পেলায় তাইক ৷ তাই নিৰুপায় ; সচাঁকৈয়ে নিৰুপায় তাই ৷ নিষ্ঠুৰ সময়ৰ প্ৰতি তাইৰ প্ৰচণ্ড ক্ষোভ ৷
কোঠাৰ এন্ধাৰত নীৰৱে চকুলো টুকে তাই ৷ নীৰৱে শুই পৰে বুকুৰ কণমানিটি ৷ এই কণমানিটিয়ে তাইৰ বুকুৰ সম্বল ; নিৰাশাৰ মাজত আশাৰ এমুঠি ৰেঙণি ৷ দীপশিখাৰ অন্তৰৰ বিননি যেন প্ৰতিধ্বনিত হয় প্ৰাচীৰে প্ৰাচীৰে , আকাশে - বতাহে , হৃদয়ৰ দুৱাৰে দুৱাৰে ৷
প্ৰতিধ্বনিত হয় এই বিননি সোণাৰু পাঠকৰ হৃদয়ত ৷ ... কবি সোণাৰু পাঠক ৷ সময়ৰ হাতত বৰ বেয়াকৈ বিপৰ্যস্ত এক নিমাখিত কবি ৷ এতিয়া আৰু তেওঁৰ কলমেৰে নিগৰি নোলায় সেউজ সপোনৰ প্ৰতিচ্ছৱি ; গলি নাযায় তেওঁৰ হৃদয়ৰ হিমীভূত গান ৷ তেওঁ অনুভৱ কৰে - তেওঁ যেন জীৱন যুঁজৰ এগৰাকী পৰাজিত সৈনিক ৷ বেদনাৰ এচমকা ডাৱৰেৰে পৰিপূৰ্ণ তেওঁৰ বুকু ৷ জড়তাত অভ্যস্ত হৈছে তেওঁৰ সৃষ্টি - সেয়া যে প্ৰাণহীন , স্পন্দনহীন !
... আৰু জোনাকত প্লাৱিত হয় পদূলিৰ নাহৰজোপা ৷
( প্ৰথম অধ্যায় )
সৌৰভৰ দুবাহুৰ বন্ধনত সপোন ৰচিছিল তাই ৷ তাৰ নীলাভ দুচকুৰ উজ্জ্বল জ্যোতিত উদ্ভাসিত হৈছিল তাইৰ সপোনৰ ঘৰ : এটি অনাগত ভৱিষ্যতৰ গান ৷ জোনাকত উমলিছিল তাই ৷ সাঁতুৰি - নাদুৰি আহিছিল এক দেৱশিশু ৷তাই শিকিছিল প্ৰাণ খুলি হাঁহিবলৈ ৷ আনন্দত ভৰি পৰিছিল তাইৰ বুকু ৷
... কিন্তু এক অজান আশংকা ক্ৰমশঃ বিয়পি পৰিল তাইৰ সৰ্বশৰীৰত ৷ স্তিমিত হৈ আহিল তাইৰ মুখৰ হাঁহি ৷ তাই যেন এতিয়া সৌৰভৰ মাজত বিচাৰি নোপোৱা হ'ল তাইৰ নিজৰ প্ৰতিচ্ছৱি ৷ সৌৰভ এতিয়া বিপ্লৱী ৷ তাৰ মুখত এতিয়া লাগি ৰয় বিপ্লৱৰ অগ্নিস্ফূলিঙ্গ ৷ সৰ্বসাধাৰণৰ মুক্তিৰ বাবেই তাৰ এই সংগ্ৰাম ৷ হিয়াত তাৰ বিপ্লৱী চেতনাৰ সুৰ ৷
শত্ৰু সাজিছে সৌৰভে ; চৌদিশে শত্ৰুৰ দুৰ্গ ! খুব ভয় লাগে দীপশিখাৰ ৷ দিনে দিনে আশংকা বৃদ্ধি হৈ গৈছে তাইৰ ৷ তাইৰ শ্বাস - প্ৰশ্বাস ৰুদ্ধ হৈ যাব খোজে ৷ কিন্তু সৌৰভ আকোঁৰগোজ ৷ সৰুৰেপৰা সি তেনে স্বভাৱৰে ৷ হক কথাত সি মাত মাতিবই ; কোনেও বাধা দিব নোৱাৰে তাক ৷