১
নৈখন এৰাৰ আগতেই

পপীয়া তৰা ওলোৱাৰ দিনা
নিশা দুপৰলৈ
পথাৰৰ বুকুত শিল ভাঙি ভাঙি
শিলাময় হৈ পৰা তাৰ দুহাতৰ মুঠিত
উঠি অহা নাছিল
এমুঠি সেউজ সপোন ৷
২
সপোন এটাই তথাপিও
দোলা দি আছিল তাৰ সিক্ত খিৰিকীখনত ৷
নিয়ঁৰসনা দুবৰি গচকি
অসীমলৈ যাত্ৰা তাৰ
সংগোপনে ...
সি যে পাহৰা নাই এতিয়াও
জোকে খোৱা বুকুৰ বেদনা !
৩
এইবাৰ জোনাক আহিলে
যাপন কৰিব সি
হেপাঁহৰ বেগুণীয়া নিশা ,
কাঁইটে আঁচোৰা সপোনবোৰ মোহাৰি
দুচকুত ৰচিব
এমুঠি নীলাভ কবিতা ৷
nice
ReplyDeleteDevid da...facebookt dilu kin2 poem tu
ReplyDeletesry
ReplyDeleteতোমাৰ মন্তব্যৰ বাবে ধন্যবাদ , অংকিত ( কমল ) ৷
ReplyDelete